অসম

assam

ETV Bharat / bharat

Skin care: প্ৰবল সূৰ্যৰ তাপে নষ্ট কৰিব পাৰে ছাল, ইয়াৰ বাবে প্ৰয়োজন সঠিক যত্নৰ - UV ৰশ্মি

তীব্ৰ ৰ’দ আৰু ইয়াৰ পৰা নিৰ্গত হোৱা UV ৰশ্মিয়ে আমাৰ ছালৰ বহু দিশত ক্ষতি কৰিব পাৰে । সেই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ আৰু সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ সময় মতে উপযুক্ত যত্ন আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় ।

Protecting skin from scorching sun is essential for to avoid severe skin conditions
প্ৰবল সূৰ্যৰ তাপে নষ্ট কৰিব পাৰে ছাল, ইয়াৰ বাবে প্ৰয়োজন সঠিক যত্নৰ

By

Published : Jun 6, 2023, 5:34 PM IST

তীব্ৰ ৰ’দ উত্তাপৰ ফলত দেশৰ ভিন্ন প্ৰান্তত মানুহৰ মাজত এক অশান্তিৰ পৰিৱেশৰ সৃষ্টি হৈছে । গ্ৰীষ্মকালৰ গৰম বতৰে আমাৰ ছালৰ ক্ষতিসাধন কৰে । সাধাৰণতে কাম বা পঢ়া-শুনাৰ বাবে ঘৰৰ বাহিৰত অবিৰতভাৱে ৰ’দত থাকিবলগীয়া হোৱা মহিলা বা পুৰুষৰ বাবে এই বতৰে ছালৰ সৈতে জড়িত বহুতো সমস্যাৰ কাৰণ হৈ পৰে, যেনে- টেনিং, ৰ’দত ছাল পোৰা, শুকান ছাল, ক’লা দাগ, একজিমা, ফোহা, বেক্টেৰিয়াৰ সংক্ৰমণ আদি ।

যদিও এই ঋতুত এই সমস্যাবোৰৰ প্ৰভাৱ সম্পূৰ্ণৰূপে এৰাই চলাটো অতি কঠিন, কিন্তু ছালৰ বিশেষজ্ঞসকলৰ মতে ছালৰ অলপ যত্ন ল’লে আৰু কিছু সাৱধানতা অৱলম্বন কৰিলে প্ৰবল সূৰ্যৰ পোহৰৰ বাবে ছালত হোৱা বেয়া প্ৰভাৱৰ পৰা এক বৃহৎ পৰিমাণে হাত সাৰিব পাৰি ।

কি কি সমস্যাই হ’ব পাৰে

নতুন দিল্লীৰ ৰোশন ডাৰ্মা কেয়াৰ এণ্ড ক্লিনিকৰ ছালৰ বিশেষজ্ঞ ডাঃ লবীনা বাৱাই কয় যে গৰমৰ দিনৰ উত্তাপ তথা ইয়াৰ UV ৰশ্মিয়ে ছালৰ বহু ক্ষতি কৰিব পাৰে । বিশেষকৈ যিসকল লোকৰ ছাল অধিক সংবেদনশীল, তেওঁলোকৰ বাবে এই বতৰত এই সমস্যা আৰু গুৰুতৰ হ’ব পাৰে ।

তেওঁ বুজাইছে যে, যদি গ্ৰীষ্মকালত ৰ’দৰ উত্তাপ আৰু UV বিকিৰণৰ প্ৰভাৱত ছালৰ ক্ষতি হৈছে, তেন্তে ইয়াৰ চিকিৎসাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে ।

ডাঃ লবীনাই বুজাইছে যে, এই সময়ত আটাইতকৈ বেছি দেখা পোৱা সমস্যাবোৰ হ’ল ছালত আৰ্দ্ৰতাৰ অভাৱ । এই সমস্যাই কেতিয়াবা আন বহুতো সমস্যাৰ কাৰণ হৈ পৰে, যেনে- শুকান আৰু নিৰ্জীৱ ছাল ইত্যাদি । ইয়াৰ উপৰিও ছালত গাঢ় ৰঙৰ দাগ যেনে ডাৰ্ক স্প’ট আৰু ক’লা দাগ, শুকান ছাল, ব্ৰণ, একজিমা, পিম্পল আদি গঠন হোৱা আৰু অত্যধিক ঘাম আৰু প্ৰদূষণৰ বাবে বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি পায় ।

কেনেকৈ ল’ব স্বাস্থ্যৰ যত্ন

ডাঃ লবীনাই বুজাইছে যে, সঠিক ছালৰ যত্নৰ ৰুটিনৰ দ্বাৰা এই বতৰত ছালখনক সুস্থ আৰু অন্যান্য সমস্যাৰ পৰা আঁতৰাই ৰখাটো অতি প্ৰয়োজনীয় ৷ ইয়াৰ বাবে কিছুমান কথা মনত ৰাখি সাৱধানতা অৱলম্বন কৰাটো আপোনাৰ বাবে লাভদায়ক হ’ব পাৰে । ইয়াৰে কিছুমান তলত দিয়া ধৰণৰ-

  1. এই বতৰত সৰ্বাধিক পানী খাব লাগে । যাৰ বাবে শৰীৰ বিশেষকৈ ছাল আৰ্দ্ৰ হৈ থাকে । ইয়াৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থও ওলাই আহি থাকে । পানীৰ লগতে শৰীৰত প্ৰয়োজনীয় আৰ্দ্ৰতা বজাই ৰাখিবলৈ খাদ্যত থকা তৰল পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰিব লাগে আৰু এনে ফলমূল আৰু শাক-পাচলি যিবোৰত পানীৰ পৰিমাণ বেছি থাকে ।
  2. ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ সময়ত পৰিষ্কাৰ ছালত 30+ SPF থকা ছানস্ক্ৰীণ মুখ, হাত আৰু শৰীৰৰ যিকোনো অংশত ব্যৱহাৰ কৰিব লাগে যিটো সূৰ্যৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিছে ।
  3. ঘৰৰ পৰা ওলাই আহোঁতে ছানস্ক্ৰীণ ভালদৰে প্ৰয়োগ কৰিলেও ছাতি, টুপী, ছানগ্লাছ আৰু স্কাৰ্ফ ব্যৱহাৰ কৰক যাতে ৰ’দত ওলাই অহাৰ সময়ত ইয়াৰ বেয়া প্ৰভাৱ ছালত পৰিব নোৱাৰে ।
  4. দিনটোত কমেও দুই-তিনিবাৰ ঠাণ্ডা পানীৰে মুখখন ধুব লাগে আৰু ঘৰৰ বাহিৰত থাকিলে মুখ ধোৱাৰ পিছত প্ৰতিবাৰেই ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব লাগে ।
  5. প্ৰচণ্ড সূৰ্যৰ তাপত সাঁতোৰাৰ পৰা বিৰত থাকক, ইয়াৰ ফলত ছালৰ অধিক ক্ষতি হ’ব পাৰে । এই বতৰত সাঁতোৰাৰ ফলত পুৱা বা গধূলিৰ সময় এক সঠিক সময় । পাৰিলে এই সময়ত ৱাটাৰ প্ৰুফ ছানস্ক্ৰীনো ব্যৱহাৰ কৰক ।
  6. সপ্তাহত এবাৰ হ’লেও ছালখন এক্সফোলিয়েট কৰি দৈনিক মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰক ।
  7. যিমানদূৰ সম্ভৱ ঘৰৰ পৰা ওলাই যাওঁতে সম্পূৰ্ণ হাত আৰু ভৰি ঢাকি কপাহী কাপোৰ পিন্ধিব লাগে । কাৰণ প্ৰবল সূৰ্যৰ পোহৰেও চুলিৰ বহু ক্ষতি কৰিব পাৰে ।

সঠিক চিকিৎসাৰ প্ৰয়োজন

চিকিৎসকগৰাকীয়ে বুজাই দিয়ে যে, বহু সময়ত যেতিয়া সূৰ্যৰ উত্তাপৰ ফলত বা কোনো সংক্ৰমণৰ প্ৰভাৱত ছালখন সমস্যাত পৰে বা ক্ষতিগ্ৰস্ত হয়, তেতিয়া বহুতে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ যিকোনো ঔষধ ব্যৱহাৰ কৰে । দৰাচলতে বজাৰত বহু ধৰণৰ ছালৰ ক্ৰীম পোৱা যায়, কিন্তু সকলো সমস্যাৰ চিকিৎসাত সকলো ক্ৰীম ফলপ্ৰসূ নহয় ।

বিভিন্ন ধৰণৰ ক্ৰীম (ঔষধ) বিভিন্ন সমস্যাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় । এনেধৰণৰ ক্ৰীমত ষ্টেৰইড তথা কিছুমান এন্টিফাংগেল বা অন্যান্য সংমিশ্ৰণো থাকে । এনে পৰিস্থিতিত সাধাৰণতে সমস্যা অনুযায়ী এইবোৰ ব্যৱহাৰ কৰাটো উচিত, অন্যথা সমস্যাৰ সমাধান কৰিবলৈ অধিক সময় লোৱাৰ লগতে, কেতিয়াবা সমস্যাবোৰ অধিক বৃদ্ধি কৰিব পাৰে । সেয়ে এনেধৰণৰ ক্ৰীম বা ঔষধ ব্যৱহাৰ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় ।

ইয়াৰ উপৰিও কিছুমান ঘৰুৱা উপায়েও সূৰ্যৰ পোহৰৰ মৃদু প্ৰভাৱত সহায় কৰে । ইয়াৰে কিছুমান তলত দিয়া ধৰণৰ-

  • গৰম ৰ’দৰ পিছত ছাঁত অহাৰ পিছত কেইমিনিটমান অপেক্ষা কৰি তাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুব ।
  • বৰফৰ টুকুৰাৰে ছালখন মালিচ কৰাৰ পিছতো আক্ৰান্ত ছালত সকাহ অনুভৱ কৰিব পাৰি, কিন্তু মনত ৰাখিব যে ৰ’দৰ পৰা অহাৰ লগে লগে এই কাম নকৰিব আৰু বেক্টেৰিয়াৰ সংক্ৰমণ হ’লে এই কাম নকৰিব ।
  • ছালত গোলাপ পানী বা এলোভেৰা জেল প্ৰয়োগ কৰিলেও সকাহ পোৱা যায় ।
  • ৰ’দত পোৰা ঠাইত কপাহৰ সৈতে ঠাণ্ডা গাখীৰ প্ৰয়োগ কৰিলেও সকাহ পোৱা যায় ।

লগতে পঢ়ক:Sun tanning: প্ৰখৰ ৰ’দৰ বাবে হ্ৰাস হৈছে নেকি ছালৰ উজ্জলতা ! তেন্তে ব্যৱহাৰ কৰক ঘৰতে উপলব্ধ এই ৩বিধ সামগ্ৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details