নেশ্যনেল ডেস্ক,৬ এপ্ৰিল:শেহতীয়াকৈ দেশত পুনৰ ভয়ংকৰ ৰূপত দেখা দিছে কৰ'ণা মহামাৰীয়ে । একাংশ ৰাজ্যত পুনৰ আংশিক লকডাউন দিয়াৰ পৰিৱেশৰো সূচনা হৈছে । ইয়াৰ মাজতে দিল্লী চৰকাৰৰ বিশেষ ঘোষণা । কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত সান্ধ্য আইন জাৰি কৰা হৈছে । যোৱা প্ৰায় ৩ সপ্তাহ ধৰি আক্ৰান্তৰ সংখ্য়া বৃদ্ধি হোৱাৰ বাবে সমগ্ৰ দিল্লীতে ৩০ এপ্ৰিল পৰ্যন্ত এই সান্ধ্য আইন অব্যাহত থাকিব । নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ এই সান্ধ্য আইন জাৰি কৰা হৈছে ।
দিল্লী চৰকাৰে প্ৰকাশ কৰা স্বাস্থ্য বুলেটিন অনুসৰি সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত ৩,৫৪৮ টা নতুন ক'ভিড-১৯ৰ ঘটনা পোহৰলৈ আহিছে । যাৰ ফলত ইয়াৰ সামগ্ৰিক আক্ৰান্তৰ সংখ্যা ৬ লাখ ৭৯ হাজাৰ ৯৬২ লৈ বৃদ্ধি পাইছে, আনহাতে ইয়াৰ আক্ৰান্তৰ হাৰ ৫.৫৪ শতাংশ ।