আগৰতলা, ২৯ অক্টোবৰ: ত্ৰিপুৰা আৰক্ষীয়ে যোৱা তিনি মাহত নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স এক্ট, ১৯৮৫ৰ (NDPS Act) অধীনত ৯৫ জনতকৈও অধিক অভিযুক্তক সম্পত্তিৰ গোচৰ সম্পৰ্কত গ্ৰেপ্তাৰ কৰিছে (Tripura Police arrested property offenders) ৷ ইপিনে, আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনতেই আন ৫৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ ৰাজ্য়খনৰ আৰক্ষীয়ে শুকুৰবাৰে এই তথ্য় সদৰি কৰিছে ।
ত্ৰিপুৰাৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (AIGP of Tripura) জ্যোতিষ্মান দাস চৌধুৰীয়ে এই সন্দৰ্ভত কয় যে আৰক্ষীযৰ ভূমিকাৰ বাবেই ৰাজ্য়খনত সম্পত্তিৰ অপৰাধ যথেষ্ট হ্ৰাস পাইছে ৷ যোৱা তিনি মাহত আৰক্ষীয়ে ৰাজ্যখনত ৯৫ জনতকৈও অধিক সম্পত্তিৰ গোচৰত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । তেওঁ পুনৰ কয় যে দুৰ্বৃত্তসকলক চিনাক্ত কৰিবলৈ আৰু ইয়াৰে সৈতে জড়িত অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ প্ৰচেষ্টা অব্যাহত আছে । জ্যেষ্ঠ বিষয়াৰে গঠিত গোটবোৰে নিয়মীয়াকৈ পৰিস্থিতি নিৰীক্ষণ কৰি আছে । সহকাৰী আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে কয়, "আমি আশা কৰো যে সাধাৰণ জনতাই আৰক্ষীৰ সহায়ত পৰিস্থিতি শক্তিশালীভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব । সম্পত্তিৰ অপৰাধৰ ঘটনা নিয়ন্ত্ৰণ ৰখাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।"