অসম

assam

ETV Bharat / bharat

আকৌ তিনি তালাকৰ বিৰুদ্ধে দেশৰ বুদ্ধিজীৱি - anti women

তিনি তালাকৰ বিৰুদ্ধে থকা আইনৰ সমালোচনাত লিপ্ত হৈছে অৰুণা ৰয় আৰু তিস্তা চেতলৱাড়ৰ দৰে বিশিষ্ট নাগৰিক ৷ চৰকাৰ আৰু কেইবাটাও সংগঠনে বিবাহৰ অধিকাৰ সুৰক্ষা আইন ২০১৯((Protection of Rights on Marriage Act 2019) প্ৰণয়ন উপলক্ষে 'মুছলমান মহিলা অধিকাৰ দিৱস' পালন কৰাৰ সময়তে তেওঁলোকে এই আইনৰ তীব্ৰ বিৰোধিতা কৰে ৷

prominent-activists-criticise-triple-talaq-law
আকৌ তিনি তালাকৰ বিৰুদ্ধে দেশৰ বুদ্ধিজীৱি

By

Published : Aug 2, 2021, 9:36 AM IST

নিউজ ডেস্ক, 2 আগষ্ট :শেহতীয়াকৈ, অৰুণা ৰয়(Aruna Roy) আৰু তিস্তা চেতলৱাড়(Teesta Setalvad)ৰ দৰে বিশিষ্ট নাগৰিক আৰু কৰ্মীসকলে তিনি তালাকৰ বিৰুদ্ধে থকা আইনৰ সমালোচনাত লিপ্ত হৈছে ৷ তেওঁলোকে দাবী কৰে যে, ই মৌলিকভাৱে সংখ্যালঘু বিৰোধী, মহিলা বিৰোধী আৰু সংবিধান বিৰোধী । তেওঁলোকে এইটোও কৈছে যে, আইনখনে মুছলমান সম্প্ৰদায়ক অৱমাননা কৰিব বিচাৰে ।

তেওঁলোকে দেওবাৰৰ দিনটোত এই মন্তব্য আগবঢ়ায় ৷ তাৎপৰ্যপূৰ্ণ কথা যে, সিদিনা চৰকাৰ আৰু কেইবাটাও সংগঠনে বিবাহৰ অধিকাৰ সুৰক্ষা আইন ২০১৯((Protection of Rights on Marriage Act 2019) প্ৰণয়ন উপলক্ষে 'মুছলমান মহিলা অধিকাৰ দিৱস(Muslim Women's Rights Day)' পালন কৰিছিল । আইনখন মৌলিকভাৱে সংখ্যালঘু বিৰোধী, মহিলা বিৰোধী, সংবিধান বিৰোধী, আৰু কেৱল মুছলমান সম্প্ৰদায়ক অৱমাননা কৰিব বিচৰা আইন বুলি আখ্যা দিয়ে ৷

মুছলমান আৰু অ-মুছলমান মহিলা, মহিলা অধিকাৰ কৰ্মী, মানৱ অধিকাৰ কৰ্মী, শিক্ষাবিদ আৰু শিক্ষাৰ্থীকে ধৰি ৬৬০ জনতকৈও অধিক নাগৰিকে যুটীয়াভাৱে জাৰি কৰা এক বিবৃতি যোগে তেওঁলোক নিজৰ মন্তব্য আগবঢ়ায় । আইনখনক ঘৃণনীয় বুলি অভিহিত কৰি বিবৃতিটোত কোৱা হৈছিল যে, এই বিষয়টো পূৰ্বতেও আছিল আৰু এতিয়াও আছে, এই আইন নাটকৰ বাহিৰে আন একো নহয় ।

বিবৃতিটোত কোৱা হৈছে যে, তেওঁলোকে সামূহিকভাৱে, ভাৰতৰ নাগৰিক হিচাপে - মুছলমান আৰু অ-মুছলমান মহিলা, জাতি আৰু অঞ্চলৰ পুৰুষ আৰু ট্ৰেন্স ব্যক্তি - সকলো মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ হ্ৰাস কৰাৰ চৰকাৰৰ অভিপ্ৰায়ৰ বিৰোধ কৰে । তেওঁলোকে বৰ্তমান কাৰাগাৰৰ ভিতৰত থকা বিভিন্ন মুছলমানৰ বাবেও ন্যায় দাবী কৰে ৷ এই বন্দী সকলৰ ভিতৰত আছে ছাত্ৰ-কৰ্মী গুলফীশা ফাতিমা আৰু কংগ্ৰেছৰ প্ৰাক্তন কাউন্সিলাৰ ইছৰত জাহান ৷

লগতে পঢ়ক :মিজোৰামৰ ওপৰত অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে নেকি অসমে ?

ABOUT THE AUTHOR

...view details