অসম

assam

ETV Bharat / bharat

প্ৰতিবাদত নিহত কৃষকৰ পৰিয়ালৰ কাষত প্ৰিয়ংকা গান্ধী বাদ্ৰা

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে গণৰাজ্য দিৱসত নতুন দিল্লীত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত নিহত নৱৰীত সিঙৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ ৰামপুৰলৈ ৰাওণা ৷ দিল্লী আৰক্ষীয়ে মুকলি কৰা এটা চিচিটিভি ফুটেজত কৃষকৰ ট্ৰেক্টৰখন আইটিঅ'ৰ বেৰিকেডত সোমাই যোৱাৰ পিছত পৰি থকা অৱস্থাত দেখিবলৈ পোৱা গৈছিল নৱৰীত সিঙক ৷

প্ৰতিবাদত নিহত কৃষকৰ পৰিয়ালৰ কাষত প্ৰিয়ংকা গান্ধী ভাদ্ৰা
প্ৰতিবাদত নিহত কৃষকৰ পৰিয়ালৰ কাষত প্ৰিয়ংকা গান্ধী ভাদ্ৰা

By

Published : Feb 4, 2021, 7:44 PM IST

নেশ্যনেল ডেস্ক, ৪ ফেব্ৰুৱাৰী:কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰা ২৬ জানুৱাৰীত দেশৰ ৰাজধানীত কিছান ট্ৰেক্টৰ ৰেলীৰ সময়ত এক শোকাৱহ দুৰ্ঘটনাত মৃত্যু হোৱা কৃষক প্ৰয়াত নৱৰীত সিঙৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিবলৈ উত্তৰ প্ৰদেশৰ ৰামপুৰত উপস্থিত হয় ৷

প্ৰিয়ংকাই প্ৰাক্তন সাংসদ আৰু কংগ্ৰেছ নেতা নুৰ বানো আৰু আন বিভিন্ন দলৰ নেতাৰ দ্বাৰা আদৰণি সম্ভাষণ লাভ কৰাৰ পিছত তেওঁ তহচিল বিলাসপুৰৰ দিবদিবা গাঁৱলৈ পোনে পোনে ৰৈওনা হয় ৷ উল্লেখ্য যে, কংগ্ৰেছ দলে মোদী চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলনক নিৰন্তৰভাৱে সমৰ্থন কৰি আছে আৰু এই আইন বাতিলৰ দাবী জনাই আহিছে ৷ গণতন্ত্ৰ দিৱসত, ফাৰ্ম ইউনিয়নক ট্ৰেক্টৰ যাত্ৰা কৰাৰ অনুমতি দিয়া হৈছিল; কিন্তু কৃষকৰ এটা দলে আৰক্ষীৰ বেৰিকেড ভাঙি আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল ৷

ইয়াৰ পৰিপেক্ষিতত বেৰিকেডত সোমাই তেওঁৰ ট্ৰেক্টৰ উলটি যোৱাৰ পিছত নৱনীত সিঙৰ মৃত্যু হৈছিল ৷ দিল্লী আৰক্ষীয়ে চিচিটিভি ফুটেজ মুকলি কৰিছিল, য'ত সমগ্ৰ ঘটনা দেখিবলৈ পোৱা গৈছিল ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিগত ১৫ দিনত তিনিখন সংবাদমেল অনুষ্ঠিত কৰিছে য‘ত কৃষি আইন বাতিল কৰাৰ দাবী উত্থাপন কৰি আহিছে ৷

লগতে পঢ়ক:গাজীপুৰ সীমান্তত অব্য়াহত আছে তীব্ৰ উত্তেজনা

ABOUT THE AUTHOR

...view details