অসম

assam

By

Published : May 24, 2021, 1:26 PM IST

ETV Bharat / bharat

ফেচবুক প’ষ্টৰে প্ৰধানমন্ত্ৰীক তুচ্ছ-তাচ্ছিল্য প্ৰিয়ংকা গান্ধীৰ

ফেচবুকত ধুমুহাৰ কবলত ধৰা এখন জাহাজৰ কাহিনী বৰ্ণনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ৷ এই কাহিনী বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীক ককৰ্থনা কংগ্ৰেছ নেত্ৰীগৰাকীৰ ৷ জনসাধাৰণৰ প্ৰতি থকা দায়িত্ব পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক ককৰ্থনা প্ৰিয়ংকা গান্ধীৰ ৷

ফেচবুক প’ষ্টৰে প্ৰধানমন্ত্ৰীক তুচ্ছ-তাচ্ছিল্য প্ৰিয়ংকা গান্ধীৰ
ফেচবুক প’ষ্টৰে প্ৰধানমন্ত্ৰীক তুচ্ছ-তাচ্ছিল্য প্ৰিয়ংকা গান্ধীৰ

লক্ষ্ণৌ,24 মে’:কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই শেহতীয়াকৈ এটা ফেচবুক পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ কটাক্ষ কৰিছে ৷ গান্ধীয়ে মোডী চৰকাৰক এখন জাহাজৰ সৈতে তুলনা কৰি কেপ্তেইন হিচাপে মোডীক চিত্ৰিত কৰিছিল ৷ যিয়ে সংকটৰ সময়ত জাহাজ এৰি পলায়ন কৰিছিল ৷ ধুমুহাৰ ফলত ক্ষতিসাধন হোৱা এখন জাহাজৰ কাহিনী বৰ্ণনা কৰি গান্ধীয়ে প্ৰধানমন্ত্ৰীক জনসাধাৰণৰ প্ৰতি থকা দায়িত্ব পালন কৰাত ব্যৰ্থ হোৱা বুলি কটাক্ষ কৰে ৷ জাহাজখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত বহুলোক পানীত ডুব গৈছিল আৰু একাংশই গুৰুতৰ বিপদৰ সন্মুখীন হৈছিল ৷ জাহাজখনত থকা লোকসকলে আত্মৰক্ষাৰ চেষ্টাত ব্ৰতী আছিল ৷ এইটো এটা অতি ভয়াৱহ পৰিস্থিতি আছিল ৷

"তথাপিও ইজনে-সিজনক উৎসাহিত আৰু সমৰ্থন কৰি থাকিল ৷ সকলোৱে বিশ্বাস কৰিছিল যে, জাহাজখনৰ কেপ্তেইনজনে জাহাজখন বচাবলৈ চেষ্টা কৰি আছিল ৷ যেতিয়া পৰিস্থিতিৰ অধিক অৱনতি হ'বলৈ ধৰিলে, জাহাজখনত থকা লোকসকলে কেপ্তেইনক জীৱন উদ্ধাৰৰ বাবে প্ৰাৰ্থনা কৰিলে ৷ কিন্তু তেতিয়াহে তেওঁলোকে জানিব পাৰিলে যে কেপ্তেইনজন সন্ধানহীন হৈ আছে ৷ কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোডীৰ ক’ভিড-১৯ নীতি আৰু ব্যৱস্থাপনা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি আহিছে ৷ যাৰ ভিতৰত আছে দেশৰ বাহিৰত প্ৰতিষেধক প্ৰেৰণ কৰাৰ প্ৰসংগ ৷

লগতে পঢ়ক :ঘূৰ্ণীবতাহ য়াছ সন্দৰ্ভত অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

ABOUT THE AUTHOR

...view details