অসম

assam

ETV Bharat / bharat

Priyanka Gandhi slams PM Modi : মণিপুৰৰ হিংসাক লৈ প্ৰধানমন্ত্ৰীক আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ - Gandhi statement on manipur voilence

মণিপুৰত হিংসাৰ ৭৭ দিনৰ অন্তত প্ৰথমবাৰলৈ মুখ খুলিছে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰীয়ে মাত্ৰ এটা বাক্য কৈছে । গোৱালিয়ৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী উভতি ধৰিলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

Priyanka Gandhi slams PM Modi
মণিপুৰৰ হিংসাক লৈ প্ৰধানমন্ত্ৰীক আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ

By

Published : Jul 21, 2023, 4:55 PM IST

নেশ্যনেল ডেস্ক,২১ জুলাই :মণিপুৰৰ ঘটনাক লৈ বিৰোধীয়ে নিৰন্তৰভাৱে শাসকীয় বিজেপি চৰকাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি আছে । একেটা বিষয়তে সদনৰ মজিয়াও হুলস্থূল কৰি ৰাখিছে বিৰোধীয়ে । এইবাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰে । মধ্য প্ৰদেশৰ গোৱালিয়ৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি নেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ নীৰৱতাক লৈ প্ৰশ্ন কৰে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি কমল নাথৰ উপস্থিতিত প্ৰিয়ংকা গান্ধীয়ে শুকুৰবাৰে গোৱালিয়ৰত বীৰাঙ্গনা ৰাণী লক্ষ্মীবাইৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি জ্ঞাপন কৰে আৰু মহান স্বাধীনতা সংগ্ৰামীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সমবেত লোকসকলক সম্বোধন কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে বিজেপি শাসিত মধ্য প্ৰদেশত পৰিৱৰ্তনৰ ব্যাপক ঢৌ আছে ।

প্ৰিয়ংকা গান্ধী ভাদ্ৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ বিৰোধী নেতাসকলক "চোৰ" বুলি অভিহিত কৰাৰ অভিযোগ উত্থাপন কৰে । প্ৰিয়ংকা গান্ধীয়ে মণিপুৰৰ বিষয়ক লৈ কয় যে বৰ্তমান মণিপুৰ জ্বলি আছে আৰু মহিলাৰ ওপৰত গুৰুতৰ অত্যাচাৰৰ ভিডিঅ' প্ৰকাশ পাইছে । কিন্তু ৭৭ দিন পাছত প্ৰধানমন্ত্ৰীয়ে মন্তব্য দিছে । প্ৰধানমন্ত্ৰীৰ সেই মন্তব্যও ৰাজনৈতিক বুলি অভিযোগ কৰে । প্ৰধানমন্ত্ৰীয়ে বিৰোধীৰ চৰকাৰ থকা ৰাজ্যসমূহৰ নাম উল্লেখ কৰিছে ।

উল্লেখ্য যে যোৱা ৪০ দিনৰ ভিতৰত প্ৰিয়ংকা গান্ধীৰ এয়া দ্বিতীয়টো মধ্য প্ৰদেশ ভ্ৰমণ আছিল । ১২ জুনত প্ৰিয়ংকা গান্ধীয়ে জবলপুৰত এক ৰেলী সম্বোধন কৰি মধ্য প্ৰদেশত তেওঁৰ দলৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে । প্ৰিয়ংকা গান্ধীয়ে প্ৰচাৰৰ সময়ত কৈছিল যে যদি ৰাজ্যখনত কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে ৫ টা গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণ কৰিব । যাৰ ভিতৰত আছে মহিলাসকলক প্ৰতি মাহে ১,৫০০ টকাৰ বিত্তীয় সাহায্য, ১০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ আৰু পুৰণি পেঞ্চন আঁচনি (অ'পিএছ) পুনৰুদ্ধাৰ ।

২০১৮ চনৰ ৰাজ্যিক নিৰ্বাচনৰ পাছত কংগ্ৰেছে মধ্য প্ৰদেশত চৰকাৰ গঠন কৰিছিল । অৱশ্যে, সিন্ধিয়াৰ অনুগত বিধায়কসকলে কংগ্ৰেছ ত্যাগ কৰে আৰু ২০২০ চনৰ মাৰ্চত বিজেপিত যোগদান কৰে, যাৰ ফলত ১৫ মাহত কমল নাথ নেতৃত্বাধীন চৰকাৰৰ পতন ঘটে আৰু চৌহানৰ চৰকাৰ ক্ষমতালৈ উভতি অহাৰ পথ প্ৰশস্ত কৰে ।

লগতে পঢ়ক :Manipur violence : মণিপুৰক লৈ আলোচনা হ'ব; ৰাজনাথ সিঙৰ আশ্বাস

ABOUT THE AUTHOR

...view details