অসম

assam

ETV Bharat / bharat

Priyanka Gandhi Vadra: একনায়কত্ববাদী নেতাক আমি প্ৰণাম নকৰোঁ; প্ৰিয়ংকা গান্ধী - Priyanka Gandhi criticizes PM Modi

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পাচতে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ নেত্ৰী তথা ৰাহুলৰ ভগ্নী প্ৰিয়ংকা গান্ধী ৷ এজন বিজেপি মুখ্যমন্ত্ৰীৰ কথা উল্লেখ কৰি প্ৰিয়ংকাই কয় যে, ৰাহুলৰ পিতৃ কোন বুলি প্ৰশ্ন কৰিছিল সেই মুখ্যমন্ত্ৰীজনে ৷ প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা প্ৰিয়ংকাৰ (Priyanka Gandhi Vadra slams PM Modi) ৷

Priyanka Gandhi Vadra slams PM Modi
Priyanka Gandhi Vadra

By

Published : Mar 24, 2023, 9:36 PM IST

নিউজ ডেস্ক, 24 মাৰ্চ: ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ পিচত শুকুৰবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই বিজেপি নেতৃত্বাধীন চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ কৰে ৷ তেওঁ অভিযোগ কৰে যে, আদানীৰ বিষয়ত কংগ্ৰেছ নেতাজন উত্থাপন কৰা জনস্বাৰ্থ জড়িত বিষয়সমূহৰ প্ৰশ্নই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জোঁকাৰি গৈছে (Priyanka Gandhi Vadra slams PM Modi) ৷

ধাৰাবাহিক টুইট কৰা প্ৰিয়ংকা গান্ধীয়ে কয় যে, নেহৰু-গান্ধী পৰিয়ালে দেশক নিজৰ তেজ দি সত্যৰ বাবে যুঁজিছে । প্ৰধানমন্ত্ৰী মোডীৰ ছাইকোফেণ্টসকলে “এজন শ্বহীদ প্ৰধানমন্ত্ৰীৰ পুত্ৰক দেশদ্ৰোহী মিৰ জাফৰ বুলি অভিহিত কৰিছিল” বুলিও কয় প্ৰিয়ংকাই (Priyanka Gandhi reacts on Rahuls disqualification)।

"আপোনাৰ এজন মুখ্যমন্ত্ৰীয়ে এই প্ৰশ্ন উত্থাপন কৰিছিল যে, ৰাহুল গান্ধীৰ পিতৃ কোন ? কাশ্মীৰী পণ্ডিতৰ ৰীতি-নীতি অনুসৰণ কৰি পৰিয়ালৰ পৰম্পৰা বজাই ৰাখি এজন পুত্ৰই পিতৃৰ মৃত্যুৰ পিচত পাগুৰি পিন্ধে । গোটেই পৰিয়াল আৰু কাশ্মীৰী পণ্ডিত সমাজক অপমান কৰি আপুনি সংসদত সুধিছিল যে, তেওঁলোকে নেহৰুৰ নাম কিয় নাৰাখে ৷ কিন্তু কোনো ন্যায়াধীশে আপোনাক দুবছৰৰ শাস্তি নিদিলে । আপোনাক সংসদৰ পৰা অযোগ্য ঘোষণা কৰা হোৱা নাছিল ৷ ৰাহুল গান্ধীয়ে এজন প্ৰকৃত দেশপ্ৰেমিকৰ দৰে আদানীৰ ওপৰত আপোনাক প্ৰশ্ন উত্থাপন কৰিছিল (Rahul disqualified as MP) ।

লগতে পঢ়ক:Fighting for voice of India: দেশৰ বাক স্বাধীনতা ঘূৰাই আনিবলৈ যিকোনো ত্যাগৰ বাবে মই সাজু; ৰাহুল গান্ধী

"নীৰৱ মোডী আৰু মেহুল চৌক্সিক লৈ প্ৰশ্ন উত্থাপন কৰাতো, আপোনাৰ বন্ধু গৌতম আদানী দেশৰ সংসদ আৰু ভাৰতৰ জনসাধাৰণতকৈও ডাঙৰ হৈ পৰিছেনে যে তেওঁৰ লুটপাতৰ প্ৰশ্ন উত্থাপন হোৱাত আপুনি উত্তেজিত হৈ পৰে ? আপুনি মোৰ পৰিয়ালক বংশবাদী বুলি কয়, জানেনে এই পৰিয়ালে ভাৰতৰ গণতন্ত্ৰৰ বাবে তেজৰ বলিদান দি গৈছে ৷ যাক আপুনি ৰাজনৈতিকভাৱে ধ্বংস কৰিবলৈ চেষ্টা কৰিছে ।’’(Rahul Gandhi convicted of defamation case)

প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই কয় যে, নেহৰু-গান্ধী পৰিয়ালে মানুহৰ কণ্ঠ উদ্ধাৰ কৰি সত্যৰ বাবে যুঁজিছে । "আপুনি যিসকলক ৰাজনৈতিকভাৱে ধ্বংস কৰিব বিচাৰিছে, সেই পৰিয়ালে ভাৰতৰ মানুহৰ কণ্ঠ উদ্ধাৰ কৰি প্ৰজন্ম পিচত প্ৰজন্ম ধৰি সত্যৰ বাবে যুঁজিছে । আমাৰ শিৰাত বৈ যোৱা তেজৰ এটা বিশেষত্ব হৈছে ই কেতিয়াও আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদী নেতাক প্ৰণাম আৰু নমস্কাৰ নকৰে । লাগিলে আপুনি যিয়েই নকৰক কিয় (Priyanka Gandhi criticizes PM Modi) ৷"

লগতে পঢ়ক:Modi surname case: মোদীৰ নাম মুখত লৈ সদনত অযোগ্য বিবেচিত ৰাহুল গান্ধী

ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণাক লৈ কেইবাজনো কংগ্ৰেছ নেতাই চৰকাৰক তীব্ৰ গৰিহণা দিয়ে । ৰাষ্ট্ৰীয় ৰাজধানীত থকা দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতা অভিষেক মনু সিংহৱী আৰু জয়ৰাম ৰমেশে কয় যে, ৰাহুল গান্ধীৰ এই মন্তব্যত বিজেপি নেতৃত্বাধীন চৰকাৰখন উত্তেজিত হৈ পৰিছে (Congress slams BJP govt)।

ABOUT THE AUTHOR

...view details