অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশ চৰকাৰক সমালোচনা প্ৰিয়ংকা গান্ধীৰ

ক’ভিডৰ ভয়াৱহতাৰ মাজতো উত্তৰ প্ৰদেশ চৰকাৰে পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ ৷ এয়া মানৱতাৰ বিৰুদ্ধে এক অপৰাধ বুলি টুইটাৰত প্ৰকাশ কৰে উত্তৰ প্ৰদেশৰ ভাৰপ্ৰাপ্ত কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

By

Published : May 1, 2021, 5:24 PM IST

উত্তৰ প্ৰদেশৰ চৰকাৰক সমালোচনা প্ৰিয়ংকা গান্ধীৰ
উত্তৰ প্ৰদেশৰ চৰকাৰক সমালোচনা প্ৰিয়ংকা গান্ধীৰ

নেচনেল ডেস্ক,1 মে':সমগ্ৰ দেশত ক’ভিড-19 ৰ মহামাৰীৰ মাজতো উত্তৰ প্ৰদেশত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ৷ উত্তৰ প্ৰদেশৰ ভাৰপ্ৰাপ্ত কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে এয়া মানৱতাৰ বিৰুদ্ধে এক অপৰাধ বুলি টুইটাৰত উল্লেখ কৰিছে ৷

প্ৰিয়ংকা গান্ধীয়ে ৰাজ্য়খনৰ নিৰ্বাচনৰ দায়িত্বত থাকিবলৈ বাধ্য হোৱা এগৰাকী গৰ্ভৱতী মহিলাসহ 700 গৰাকীকৈ শিক্ষকৰ মৃত্যু হোৱা বুলি চৰকাৰখনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ৷ নেত্ৰীগৰাকীয়ে দাবী কৰা মতে, প্ৰায় 60,000 গাঁওসভাত ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য নৰখাকৈ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাটোক চৰকাৰ অদূৰদৰ্শীতা বুলি অভিহিত কৰে ৷

নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ গৈ ক’ভিডত আক্ৰান্ত হৈ মৃত্য়ুক আঁকোৱালি লোৱা চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালক 50 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :ডুমডুমাৰ দিচাম দেৱঁ সত্ৰত সেৱা ল’লে ড° হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details