নেশ্যনেল ডেস্ক,১৫ জুন :শান্ত হোৱা নাই মণিপুৰ । পুনৰ ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘৰ্ষৰ খবৰ আহিছে । বুধবাৰে আবেলি ইম্ফলৰ নিউ চেকন এলেকাত একাংশ লোকে দুটাকৈ ঘৰত অগ্নিসংযোগ কৰে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে ।
উল্লেখ্য যে মণিপুৰত হিংসাত্মক ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সেনা আৰু অসম ৰাইফলছে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে । বিভিন্ন স্থানত আনকি অভিযানো চলাইছে নিৰাপত্তা বাহিনীয়ে । ইয়াৰ মাজতে বুধবাৰে নিশা ইম্ফল পশ্চিম জিলাৰ লাম্ফেল অঞ্চলত মণিপুৰৰ মন্ত্ৰী নেমচা কিপগেনৰ চৰকাৰী কোৱাৰ্টাৰত একাংশ দুৰ্বৃত্তই অগ্নিসংযোগ কৰে আৰু দুটাকৈ ঘৰ জ্বলাই দিয়ে । অৱশ্যে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ।
ইফালে মঙলবাৰে নিশা পূব ইম্ফলৰ খামেনলোক অঞ্চলৰ পূব ইম্ফলৰ এটা গীৰ্জাৰ ভিতৰত কিছু দুৰ্বৃত্তই গুলীচালনা কৰাৰ ফলত মহিলাসহ ৯ গৰাকী লোক নিহত হয় আৰু ১০ গৰাকী লোক আহত হয় । হিংসাত্মক ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বৃহস্পতিবাৰে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে মণিপুৰত জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কোনো তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ।