নেশ্যনেল ডেস্ক, 2 জুন : দেশজুৰি গ্ৰহণ কৰা প্ৰতিষেধক প্ৰদান নীতিৰ বাবে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ ৷ প্ৰিয়ংকা গান্ধীয়ে এটি ভিডিঅ’যোগে কয় যে, বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষেধক প্ৰস্তুতকাৰী দেশ হোৱাৰ পিচতো ভাৰতৰ মুঠ জনসংখ্যাৰ কেৱল মাত্ৰ 3.4 শতাংশ লোককহে প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷
কেন্দ্ৰীয় চৰকাৰৰ টীকাকৰণ নীতিক সমালোচনা প্ৰিয়ংকা গান্ধীৰ - Covid 19
কেন্দ্ৰীয় চৰকাৰৰ টীকাকৰণ নীতিক সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ৷ এটি ভিডিঅ’যোগে কেন্দ্ৰীয় চৰকাৰক কেইবাটাও প্ৰশ্ন কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ৷
কেন্দ্ৰীয় চৰকাৰৰ ভেকচিনেশ্যন নীতিক সমালোচনা প্ৰিয়ংকা গান্ধীৰ
কেংগ্ৰেছ নেত্ৰী গৰাকীয়ে প্ৰশ্ন কৰে যে, ভাৰতত এইধৰণৰ বিভ্ৰান্তিকৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বাবে কোন দায়ী ? ইয়াৰ উপৰিও প্ৰিয়ংকা গান্ধীয়ে বিভিন্ন সমস্যাৰ লগতে চৰকাৰৰ ক’ভিড 19 পৰিচালনা নীতিৰ সন্দৰ্ভতো কেইবাটাও টুইট কৰিছিল ৷
লগতে পঢ়ক-ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ দায়িত্বত প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰ