নিউজ ডেস্ক, ১২ অক্টোবৰ : নিৰ্বাচনমুখী মধ্যপ্ৰদেশৰ মহাকৌশলৰ জনজাতীয় অধ্যুষিত জিলা মাণ্ডলাত এক ৰাজহুৱা সভা সম্বোধন কৰি প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছে পূৰ্বতে কৰা ঘোষণাৰ কথা দোহাৰে । তেওঁ লগতে প্ৰতিশ্ৰুতি দিয়ে যে যদি কংগ্ৰেছে মধ্যপ্ৰদেশত চৰকাৰ গঠন কৰে তেন্তে কৃষকৰ ঋণ মাফ কৰা হ'ব । ১০০ ইউনিট বিদ্যুৎ ১০০ টকাত উপলব্ধ হ'ব । ইয়াৰ উপৰি বিদ্যুতৰ বিল ২০০ ইউনিটত আধা হ'ব । পুৰণি পেঞ্চন আঁচনি ৰূপায়ণ কৰাৰো তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে । আনহাতে, গেছ চিলিণ্ডাৰ ৫০০ টকাত উপলব্ধ হ'ব । কংগ্ৰেছ চৰকাৰ গঠন হ'লে প্ৰতিমাহে মহিলাৰ একাউণ্টত ১৫০০ টকাকৈ প্ৰদান কৰিব কংগ্ৰেছে । লগতে কৃষকসকলে জলসিঞ্চনৰ বাবে বিনামূলীয়াকৈ ৫ অশ্বশক্তিৰ বিদ্যুৎ লাভ কৰিব । শিশুসকলৰ শিক্ষা প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিনামূলীয়া কৰাৰো প্ৰতিশ্ৰুতি দিয়ে । এই আঁচনিখনৰ নাম হ'ব 'পঢ়ক আৰু পঢ়াওক' ।
জনজাতীয় লোকসকলক লক্ষ্য কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে মধ্যপ্ৰদেশত টেণ্ডু পাত (বিড়ি বনোৱা পাত) চপোৱা ভাই-ভনীসকলৰ অধিকাৰ কাঢ়ি লোৱা হৈছে । মধ্যপ্ৰদেশত টেণ্ডু পাতে সঠিক মূল্য লাভ কৰা নাই । বিজেপি চৰকাৰে টেণ্ডু পাতৰ বোনাচো বন্ধ কৰিছে । কংগ্ৰেছে টেণ্ডু পাতৰ ওপৰত বোনাচ দিয়া আৰম্ভ কৰিছিল । তেওঁ ঘোষণা কৰে যে যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে, তেন্তে টেণ্ডু পাতৰ প্ৰতিটো বেগৰ মূল্য হ'ব ৪,০০০ টকা । ইয়াৰ লগতে বিড়ি বনোৱাৰ কাম কৰাসকলকো বোনাচ দিয়া হ'ব । ইয়াৰ উপৰি ছত্তীশগড়ৰ দৰে মধ্যপ্ৰদেশতো পিইএছএ আইন কাৰ্যকৰী কৰা হ'ব ।