নেশ্যনেল ডেস্ক,১২ ছেপ্টেম্বৰ :দুদিনীয়া কাৰ্যসূচীৰে হিমাচল প্ৰদেশৰ কুল্লুত উপস্থিত হয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা । তেওঁ সম্প্ৰতি দুৰ্যোগ প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰিছে । এই সময়ছোৱাত তেওঁ কয় যে এই দুৰ্যোগত ৰাজ্যবাসীৰ সহযোগিতা প্ৰশংসনীয় । কংগ্ৰেছ চৰকাৰেও একে ধৰণৰ সহযোগিতাৰে কাম কৰি আছে ।
হিমাচল প্ৰদেশক যিমান সম্ভৱ সোনকালে দুৰ্যোগৰ পৰা মুক্ত কৰিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে । কুল্লু জিলাৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে দুৰ্যোগৰ পাছৰে পৰা কংগ্ৰেছ চৰকাৰে জনসাধাৰণক সাহায্য প্ৰদানৰ বাবে নিৰন্তৰ কাম কৰি আহিছে । জনসাধাৰণে ইয়াৰ দ্বাৰা যথেষ্ট লাভান্বিত হৈছে বুলিও তেওঁ উল্লেখ কৰে ।
প্ৰিয়ংকা গান্ধীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰেও এই সময়ত ৰাজ্যখনক আন্তৰিকতাৰে সহায় কৰা উচিত । কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজ্যখনত কংগ্ৰেছ চৰকাৰ আছে নে বিজেপিৰ আছে সেয়া চিন্তা কৰা উচিত নহয় । তেওঁ দাবী কৰা মতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক আৰ্থিকভাৱে সহায় কৰা উচিত । মানালীত প্ৰিয়ংকা গান্ধীয়ে কয় যে কুল্লু জিলাৰ লগতে সমগ্ৰ হিমাচলত বৰষুণৰ ফলত কোটি কোটি টকাৰ লোকচান হৈছে ।