নিউজ ডেস্ক, ১৭ নৱেম্বৰ :ৰাজস্থান বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য তুংগত উঠিছে । আনহাতে, ৰাজ্যখনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দলসমূহৰ মাজত যুঁজ তীব্ৰতৰ হৈছে । ইয়াৰ মাজতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী শুকুৰবাৰে ডুংগৰপুৰ জিলাৰ চাগৱাড়াত উপস্থিত হয় । তাত তেওঁ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় । আনহাতে, এক ৰাজহুৱা সভা সম্বোধন কৰি তেওঁ কেন্দ্ৰৰ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কৰে । প্ৰিয়ংকাই কয় যে বিজেপি চৰকাৰে বৃহৎ উদ্যোগপতিসকলৰহে পিছত দৌৰি আছে । ইয়াৰ উপৰি মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ বিষয়তো মোদী চৰকাৰক কটাক্ষ কৰে ।
প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰে বৃহৎ উদ্যোগপতিসকলৰ বাবেহে দৌৰি আছে । দেশৰ ৰাজহুৱা খণ্ডৰ সকলো বৃহৎ উদ্যোগ দুৰ্বল হৈ পৰিছে । ইয়াৰ পিছত পুঁজিপতি বন্ধুসকলক সেইবোৰ হস্তান্তৰ কৰিছে । যিবোৰ উদ্যোগৰ পৰা মানুহে নিযুক্তি লাভ কৰিছিল, সেইবোৰ উদ্যোগপতিসকলক হস্তান্তৰ কৰা হৈছে । তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীয়ে বৃহৎ উদ্যোগপতিসকলকহে সহায় কৰে ।
প্ৰিয়ংকা গান্ধীয়ে কয় যে চৰকাৰ সলনি হৈ আহিছে আৰু ৰাজনীতিও সলনি হৈ আছে । "যেতিয়া নিৰ্বাচন আহে, তেতিয়া ধৰ্মৰ নাম ওলায় । এয়া তেওঁলোকৰ ৰাজনীতি ।" প্ৰিয়ংকাই কয় । তেওঁ লগতে অভিযোগ কৰে যে দৰিদ্ৰ লোকসকলৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই । তেওঁলোকৰ মনোযোগ কেৱল নিৰ্বাচনৰ ওপৰত । কৃষক আন্দোলনৰ কথা উল্লেখ কৰি প্ৰিয়ংকাই কয় যে ডেৰ বছৰ পূৰ্বে যেতিয়া কৃষকসকলে আন্দোলন কৰি আছিল, প্ৰধানমন্ত্ৰীয়ে ঘৰৰ পৰা ওলাই আহি তেওঁলোকৰ সৈতে আলোচনা কৰা নাছিল । কিন্তু যেতিয়া নিৰ্বাচনৰ সময় আহিল, আইনসমূহ প্ৰত্যাহাৰ কৰা হ'ল । প্ৰিয়ংকাই কয় যে তেওঁলোকৰ মনোযোগ কেৱল নিৰ্বাচনৰ ওপৰত, সাধাৰণ লোকৰ ওপৰত নহয় ।