আগৰতলা, 9 মে’ :ত্ৰিপুৰাৰ ধলাই জিলাৰ এখন কাৰাগাৰৰ পৰা দেওবাৰে সন্ধিয়া পলায়ন(Prisoner escaped from jail in Tripura) কৰিছে এজন কাৰাবন্দীয়ে ৷ পলাতক কাৰাবন্দীজনক শুভজয় ত্ৰিপুৰা(20) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে ধলাই জিলাৰ গন্দাচেৰাৰ এখন স্থানীয় কাৰাগাৰৰ পৰা পলায়ন কৰে কাৰাবন্দীজনে ৷ এই ঘটনাটো পোহৰলৈ অহাৰ পিছতে কাৰাগাৰ কৰ্তৃপক্ষই আৰক্ষীক সদৰি কৰাৰ লগতে জিলাখনৰ প্ৰতিখন আৰক্ষী থানাতে খবৰ দিয়ে ৷
এক সূত্ৰই সদৰি কৰা অনুসৰি, কাৰাবন্দীজনে কাৰাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ ওপৰত থকা ভেণ্টিলেটৰ ভাঙি(Prisoner escaped from the ventilator) পলায়ন কৰে ৷ দেওবাৰে গণ্ডাচেৰা ন্যায়িক দণ্ডাধীশৰ আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল শুভজয়ক ৷ আৰক্ষীয়ে তেওঁক চুৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰি শনিবাৰে আদালতত হাজিৰ কৰিছিল ৷