নিউজ ডেস্ক, 26 আগষ্ট :সমগ্ৰ দেশবাসীৰ লগতে বিশ্ববাসীয়ে গাইছে এতিয়া ভাৰতৰ জয়গান ৷ কিয়নো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO য়ে ভৰি থ’লে চন্দ্ৰৰ দক্ষিণ মেৰুত ৷ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে ভৰি থোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল ভাৰত ৷
চলিত বৰ্ষৰ 14 জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান-3 ৷ প্ৰায় ডেৰ মাহৰ পাচত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে চন্দ্ৰযান-3 য়ে ৷ চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-3 ৰ বিক্ৰম লেণ্ডাৰে অৱতৰণ কৰাৰ পাচতে বিশ্ববাসীয়ে অভিনন্দন আৰু শুভেচ্ছাৰ বাণীৰে ওপচাই পেলাইছে ভাৰতক ৷
অৱশ্যে চন্দ্ৰত পদাপৰ্ণ কৰা ভাৰত একমাত্ৰ দেশ নহয় ৷ ভাৰতৰ পূৰ্বে চন্দ্ৰত ভৰি থৈছিল আমেৰিকা, চীন আৰু ৰাছিয়াই ৷ অৰ্থাৎ চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰা চতুৰ্থখন দেশ হৈছে ভাৰত ৷ কিন্তু চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত ভৰি থোৱা প্ৰথমখন দেশ হৈছে ভাৰত ৷
আমেৰিকা, চীন আৰু ৰাছিয়াৰ পিচতে এইবাৰ ইতিহাসৰ পাতত নিজৰ অভিলেখৰ গাঁথা খোদিত কৰিলে ভাৰতীয় বৈজ্ঞানিকে । বুধবাৰে চন্দ্ৰযান-3ৰ বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰাৰ পাচতে ৰ’ভাৰ প্ৰজ্ঞানৰ দ্বাৰা ISRO য়ে সংগ্ৰহ কৰিছে বহু তথ্য ৷ লগতে ISRO য়ে আৰম্ভ কৰিছে পৰৱৰ্তী অভিযান ৷
ISRO তথা ভাৰতীয় বিজ্ঞানীসকলৰ এই সফল অভিযানৰ অংশ হিচাপে আজি অৰ্থাৎ শনিবাৰে ISRO ৰ মুৰব্বী এছ সোমনাথ আৰু বিজ্ঞানীসকলক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদী উপস্থিত হৈছে বেংগালুৰুত ৷
পুৱা 7.11 বজা
বেংগালুৰুত উপস্থিত হোৱাৰ পাচতে বিমানবন্দৰৰ বাহিৰত সমবেত জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘‘মই দেশত নাছিলো ৷ যাৰ বাবে বিজ্ঞানীসকলক সাক্ষাৎ কৰিব পৰা নাছিলো ৷ অৱশ্যে মই দেশলৈ ঘূৰি আহিয়েই প্ৰথমে বেংগালুৰু ভ্ৰমণ তথা আমাৰ বিজ্ঞানীসকলক লগ পোৱাৰ সিদ্ধান্ত লৈছিলো’’ ৷