নিউজ ডেস্ক, 22 নৱেম্বৰ:বুধবাৰে কোত্ৰী অঞ্চলত নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছ দলৰ ওপৰত ব্য়াপক আক্ৰমণ চলায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক “বিভ্ৰান্তিকৰ পত্ৰ” বুলি অভিহিত কৰাৰ লগতে ৰাজস্থান আৰু ভিলৱাৰা জিলাত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ কৰা নিৰ্দলীয়সকলকো সকীয়াই দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে পদুম য’ত আছে তাতেই তেওঁ আছে, অৱশ্যে কংগ্ৰেছ জনবিৰোধী নীতি গ্ৰহণ কৰা আৰু জাতীয় বিৰোধী সিদ্ধান্ত লোৱা দল । তেওঁ লগতে কয় যে যদি কোনোবাই দলৰ বিৰুদ্ধে কথা কয় তেন্তে সঁচা কথা কোৱাৰ বাবেই ব্যক্তিজন ৰাজনৈতিক পাক চক্ৰত সোমাই পৰে ।
কংগ্ৰেছ দলক সমালোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজেশ পাইলটে এসময়ত কংগ্ৰেছৰ মংগলৰ বাবে কংগ্ৰেছ পৰিয়ালক প্ৰত্যাহ্বান জনাইছিল, তাৰ ফলস্বৰূপে কংগ্ৰেছে ‘ৰাজেশজী’ক শাস্তি প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ৰাজেশ পাইলট এই পৃথিৱীত নাই যদিও তেওঁৰ যুঁজ আৰু ৰক্তপাত তেওঁৰ পুত্ৰৰ ওপৰতো বিয়পি পৰিছে ।