নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ :আজিৰে পৰা উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ অনুষ্ঠিত হ'ব । এই সন্মিলনত অংশগ্ৰহণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে উত্তৰাখণ্ডৰ ৰাজধানী দেহৰাদুনত উপস্থিত হৈছে । মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বৃহৎ বিজয়ৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে উত্তৰাখণ্ডত উপস্থিত হৈছে । যিয়ে বিজেপি কৰ্মী আৰু নেতাসকলক উৎসাহিত কৰি তুলিছে । জলিগ্ৰাণ্ট বিমানবন্দৰৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এফআৰআই দেহৰাদুনত অনুষ্ঠিত উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজ্য চৰকাৰ আৰু বিভিন্ন সংগঠনে আদৰণি জনায় ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এফআৰআইত উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ উদ্বোধন কৰিব আৰু তাত উপস্থিত থকা উদ্যোগপতিসকলকো সম্বোধন কৰিব । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনত প্ৰায় ৪৪ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিব । ইফালে উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ৰ বাবে উত্তৰাখণ্ড চৰকাৰে প্ৰায় ৩ লাখ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে ।