অসম

assam

বাল্মিকী জয়ন্তীত মহৰ্ষি বাল্মিকীক স্মৰণ প্ৰধানমন্ত্ৰী মোডীৰ

By

Published : Oct 20, 2021, 1:03 PM IST

আজি বাল্মিকী জয়ন্তী । মহৰ্ষি বাল্মিকীলৈ শ্ৰদ্ধা নিবেদন কৰি তেওঁ আগবঢ়াই যোৱা অৱদানৰ বিষয়ে স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । টুইটযোগে ২০২০ বৰ্ষত সম্প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ এটা অডিঅ' ক্লিপ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।

NARENDRA MODI
বাল্মিকী জয়ন্তীত মহৰ্ষি বাল্মিকীক স্মৰণ প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক, ২০ অক্টোবৰ: বুধবাৰে বাল্মিকী জয়ন্তী উদযাপন কৰিছে দেশবাসীয়ে । অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী, জ্ঞানৰ সাগৰ, মহাকাব্য ৰামায়ণৰ ৰচয়িতা মহৰ্ষি বাল্মিকীৰ কৰ্মৰাজিক সুঁৱৰিছে দেশবাসীয়ে । এই শুভক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহৰ্ষি বাল্মিকীলৈ শ্ৰদ্ধা নিবেদন কৰে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে সমাজক সবল কৰি তোলাৰ ক্ষেত্ৰত বাল্মিকীয়ে আগবঢ়োৱা অৱদানে সকলোকে অনুপ্ৰাণিত কৰি অহা বুলি উল্লেখ কৰে ।

টুইটযোগে ২০২০ বৰ্ষত সম্প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ এটা অডিঅ' ক্লিপ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । অনাতাঁৰ কেন্দ্ৰযোগে সম্প্ৰচাৰিত এই অনুষ্ঠানটিত মহৰ্ষি বাল্মিকীৰ প্ৰসংগ উত্থাপন কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে । যোৱা বছৰৰ ২৫ অক্টোবৰত প্ৰধানমন্ত্ৰী মোডীয়ে 'মন কী বাত ২.০' ৰ ১৭ সংখ্যক খণ্ডত কৈছিল যে, মহৰ্ষি বাল্মিকীৰ আদৰ্শই লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে ৷ তেওঁলোকক জীৱনটো শৃংখলাবদ্ধভাৱে অতিবাহিত কৰাৰ বাবে শক্তি দি আহিছে । তেওঁ কয় যে, মহৰ্ষি বাল্মিকী লাখ লাখ দৰিদ্ৰ আৰু দলিতৰ বাবে এক আশাৰ পোহৰ । তেওঁৰ আদৰ্শই এই লোকসকলৰ মনত আশা আৰু বিশ্বাস গঢ়ি তুলিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

মোডীয়ে কয় যে, যদি কোনো লোকৰ ইচ্ছাশক্তি থাকে, তেন্তে তেওঁ লক্ষ্যত উপনীত হ'ব । এই ইচ্ছাশক্তিয়েই বহু যুৱক-যুৱতীক অসাধাৰণ কাম কৰাৰ শক্তি প্ৰদান কৰে । মহৰ্ষি বাল্মীকিয়ে তেওঁৰ বাবে ইতিবাচক চিন্তাধাৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ৷ তদুপৰি সেৱা, মানৱতাৰ আদৰ্শৰে জীৱনক অনন্য ৰূপত গঢ়ি তুলিছিল । মহৰ্ষি বাল্মিকীৰ চিন্তা আৰু আদৰ্শ হৈছে নতুন ভাৰত গঢ়াৰ বাবে সংকল্প লোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা আৰু পথ প্ৰদৰ্শকৰ শক্তি । ভৱিষ্যত প্ৰজন্মক পথ প্ৰদৰ্শন কৰাৰ বাবে ৰামায়ণৰ দৰে মহাকাব্য ৰচনা কৰাৰ বাবে দেশবাসী মহৰ্ষি বাল্মিকীৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক: পূৱ ইম্ফলত অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ

ABOUT THE AUTHOR

...view details