নিউজ ডেস্ক, ১২ জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ আটাইতকৈ দীঘল সাগৰ দলং 'অটল সেতু' শুকুৰবাৰে উদ্বোধন কৰে । মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বেইশ, মুখ্যমন্ত্ৰী একনাথ সিন্দে, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিশ, অজিত পাৱাৰ আৰু মহাৰাষ্ট্ৰ বিজেপিৰ মুৰব্বী চন্দ্ৰশেখৰ বাৱানকুল উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ।
উদ্বোধনৰ ঠিক পিছতে মুম্বাই মেট্ৰ'পলিটান ৰিজিঅ'ন ডেভেলপমেণ্ট অথৰিটীৰ (এমএমআৰডিএ) ডঃ সঞ্জয় মুখাৰ্জীয়ে প্ৰধানমন্ত্ৰীক ঐতিহাসিক দলংখনৰ মূল দিশবোৰৰ বিষয়ে অৱগত কৰে । উল্লেখ্য যে এই দলংখনক মুম্বাই-ট্ৰেন্স হাৰ্বাৰ লিংক বুলিও কোৱা হয় ।
প্ৰধানমন্ত্ৰীয়ে দেশৰ বাণিজ্য ৰাজধানীত নিৰ্মিত নতুন দলংখনৰ ওপৰেৰে যাত্ৰা কৰে । এই প্ৰকল্পটোত জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা চমুকৈ জাইকাই (JICA) পুঁজি যোগান ধৰিছে ।
প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ শক্তিশালী নেতা, ভাৰত ৰত্ন প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামকৰণ কৰা অটল সেতুৰে যাত্ৰা কৰি পানভেলত উপস্থিত হয় । প্ৰায় ১৭,৮৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনে মুম্বাইৰ সেৱাৰীক নৱ সেৱাৰ সৈতে সংযোগ কৰিছে আৰু ই মুম্বাই আৰু পুনেৰ মাজৰ ভ্ৰমণৰ সময় ২০ মিনিটলৈ হ্ৰাস কৰিব । এই দুখন হৈছে মহাৰাষ্ট্ৰৰ দুখন বৃহৎ চহৰ ।
জ্যেষ্ঠ আইএএছ বিষয়া সঞ্জয় খাণ্ডাৰে জনোৱা মতে, এইটো তেওঁৰ বাবে এক অতি প্ৰতীক্ষিত মুহূৰ্ত আছিল । কিয়নো তেওঁ চাৰি বছৰ ধৰি এই প্ৰকল্পটো পৰিচালনা কৰিছিল । মহাৰাষ্ট্ৰ কেডাৰৰ 1996 বেটচৰ আইএএছ বিষয়া খাণ্ডাৰে এমএমআৰডিএৰ তদানীন্তন অতিৰিক্ত মেট্ৰ'পলিটান আয়ুক্ত হিচাপে 2020 চনৰ ফেব্ৰুৱাৰীলৈকে চাৰি বছৰৰ বাবে মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক নামেৰে জনাজাত এই উচ্চাভিলাষী প্ৰকল্পটোৰ দায়িত্বত আছিল ।
"এয়া কেৱল তীখা আৰু কংক্ৰিটৰ নহয়, এক সম্ভাৱনাৰ এক দলং । ই মুম্বাই আৰু ভাৰতৰ বাবে নতুন দিগন্তৰ সূচনা কৰিছে । যাৰ ফলত অৰ্থনৈতিক বিকাশ আৰু এক উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত হৈছে ।" বৰ্তমান ৰাজ্য চৰকাৰৰ পানী যোগান আৰু অনাময় বিভাগৰ মুখ্য সচিব খান্দাৰে কয় ।
এই সাগৰ দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 21.8 কিঃমিঃ । ইয়াৰে ভিতৰত 16.5 কিলোমিটাৰ দৈৰ্ঘ্য সাগৰৰ ওপৰেৰে । ই মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ দ্ৰুত সংযোগ প্ৰদান কৰিব আৰু মুম্বাইৰ পৰা পুনে, গোৱা আৰু দক্ষিণ ভাৰতৰ ভ্ৰমণৰ সময় হ্ৰাস কৰিব । উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ নাছিকৰ ৰামকুণ্ডত প্ৰাৰ্থনা কৰে আৰু কলাৰাম মন্দিৰো পৰিষ্কাৰ কৰে ।
আনহাতে, নাছিকৰ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত প্ৰধানমন্ত্ৰীয়ে দেশৰ বিশাল পুৰণি দল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে 'পৰিয়ালকেন্দ্ৰিক' ৰাজনীতিয়ে দেশৰ যথেষ্ট ক্ষতি সাধন কৰিছে । ভাৰতীয়সকলৰ মাজত আশা সজীৱ কৰি তেওঁ লগতে কয় যে এখন ৰাষ্ট্ৰ হিচাপে আমি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'ব লাগিব ।
লগতে পঢ়ক :দেশৰ দীৰ্ঘতম সাগৰ সেতুৰ উদ্বোধনী অনুষ্ঠান বৰ্জন শিৱসেনাৰ ঠাকৰে গোটৰ