নেশ্যনেল ডেস্ক,১০ ছেপ্টেম্বৰ:অহা বছৰ জি-২০ৰ সভাপতিত্ব কৰিব ব্ৰাজিলে । এইবাৰৰ সভাপতিত্ব কৰা ভাৰতে ইতিমধ্যে সভাপতিত্বৰ গেভেল ব্ৰাজিলক প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে জি-২০ৰ সভাপতিত্বৰ গেভেল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ' লুলা দা চিলভাক হস্তান্তৰ কৰে । ব্ৰাজিলে ১ ডিচেম্বৰত ভাৰতৰ পৰা জি-২০ৰ ঘূৰ্ণনশীল সভাপতিত্বৰ দায়িত্ব গ্ৰহণ কৰিব ।
ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে জি-২০ বৈঠকৰ বাবে দেশত উপস্থিত হোৱা ব্ৰাজিলৰ ৰাষ্ট্ৰপতি দা চিলভাক আদৰণি জনাইছিল । প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সময়ত জোহান্সবাৰ্গত ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠকৰ কথাও স্মৰণ কৰে । এক্সৰ পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে কৈছিল যে ভাৰতে জি-২০ৰ সভাপতিত্ব ব্ৰাজিললৈ হস্তান্তৰ কৰিব । আনহাতে বিভিন্ন বিষয়ত তেওঁৰ মতামতৰ বাবে আগ্ৰহেৰে ৰৈ থকা বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছিল । প্ৰধানমন্ত্ৰী মোদীয়ে এই বছৰৰ আৰম্ভণিতে জাপানৰ হিৰোছিমা চহৰত জি-৭ সন্মিলনৰ সময়ত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হৈছিল ।