নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল :আগন্তুক লোকসভা নিৰ্বাচনৰ তৎপৰ হৈছে দেশৰ প্ৰতিটো ৰাজনৈতিক দল । শাসকীয় বিজেপি দলেও ভোটাৰক আকৰ্ষণ কৰাৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে । তাৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়াকৈ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰিছে । য'ত তেওঁ কোটি কোটি টকাৰ অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰিছে । সোমবাৰে কেৰালাত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজ্যখনৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ শুভাৰম্ভ কৰে (PM Modi Flagged off Vande Bharat Express)।
এক বিশাল অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৰালাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ শুভাৰম্ভ কৰে (First Vande Bharat Express of Kerala)। প্ৰধানমন্ত্ৰীয়ে পুৱা ১১.১০ বজাত ত্ৰিবান্দ্ৰম কেন্দ্ৰীয় ৰে'ল ষ্টেচনৰ পৰা বন্দে ভাৰত ৰে'লৰ ফ্লেগ অফ কৰে । অনুষ্ঠানত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ৰাজ্যপাল আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ লগতে স্থানীয় সাংসদ শশী থাৰুৰও উপস্থিত থাকে ।
ৰে'লৰ ফ্লেগ অফ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰে'লৱেৰ লোকো পাইলট আৰু বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে । তেওঁ চি ১ ডবাত নিৰ্বাচিত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতেও বাৰ্তালাপ কৰে । শিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰী মোডী আৰু বন্দে ভাৰতৰ চিত্ৰ অংকন কৰি তেওঁক দেখুৱায় । ইফালে ৰে'লৰ শুভাৰম্ভণি অনুষ্ঠানত অংশ লোৱাৰ বাবে প্লেটফৰ্মৰ বাহিৰত শ শ লোক ভিৰ কৰে ।