নেশ্যনেল ডেস্ক,১৪ জুলাই : ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱসত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ঐতিহাসিক বেষ্টিল দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত প্ৰধানমন্ত্ৰী মোদী । ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণত পেৰেডত বিশিষ্ট অতিথি হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে নীলা জেকেটৰ সৈতে পৰম্পৰাগত বগা কুৰ্তা আৰু পায়জামা পিন্ধি চেম্পছ-এলয়চিছত উপস্থিত হৈছে । তেওঁক সংগ দিয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে ।
ফ্ৰান্সৰ ফাৰ্ষ্ট লেডী ব্ৰিগিট মেক্ৰ'ন আৰু ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিচাবেথ বৰ্ণে বেষ্টিল দিৱসৰ পেৰেডৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় । ইফালে এই বছৰটো দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ ২৫ সংখ্য বৰ্ষ । ভাৰতৰ সেনাৰ তিনিওটা বাহিনীৰ এটা দলো বেষ্টিল দিৱস পেৰেডৰ অংশ হ'ব । আনহাতে সামৰিক দলৰ অংশ হিচাপে ভাৰতীয় বায়ু সেনাৰ ৩ খন ৰাফেল যুঁজাৰু বিমানেও পেৰিছৰ চেম্পছ এলয়চিছৰ ফ্লাইপাষ্টত অংশগ্ৰহণ কৰিব ।
১৭৮৯ চনত ফৰাচী বিপ্লৱৰ সময়ত প্ৰাচীন ৰাজকীয় দুৰ্গ বেষ্টিল কাৰাগাৰৰ ধ্বংসৰ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এই বিশেষ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ পেৰেড । এই বছৰ বেষ্টিল দিৱস পেৰেডত বিভিন্ন মাৰ্চিং দলত প্ৰায় ৬,৩০০ সৈনিক থাকিব । ইয়াৰ ভিতৰত আছে ভাৰতৰ স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰ দল ।