নেশ্যনেল ডেস্ক,৩০ জুন :অহা ৮ জুলাইত তেলেংগানা ভ্ৰমণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিপেটত স্থাপন হ'বলগীয়া ৱেগন মেনুফেকচাৰিং এণ্ড পিৰিয়ডিক অভাৰহলিং (POH) ৱৰ্কশ্বপ আৰু মেগা টেক্সটাইল পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব । বিজেপি সূত্ৰই উল্লেখ কৰা মতে প্ৰধানমন্ত্ৰীয়ে হনুমাকোণ্ডা আৰ্টছ কলেজত এক ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব । ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে ।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ প্ৰথমে ১২ জুলাইত হ'ব বুলি জানিব পৰা গৈছিল কিন্তু ৪ দিন আগুৱাই দিয়া হৈছে । ইফালে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৮ জুলাইত হায়দৰাবাদত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক বিজেপিৰ ১১ গৰাকী সভাপতি আৰু সাংগঠনিক সাধাৰণ সম্পাদকৰ বৈঠক পিছুৱাই দিয়া হৈছে । ৰাজ্যিক সভাপতি বান্দি সঞ্জয় আৰু কেন্দ্ৰীয় মন্ত্ৰী কিষাণ ৰেড্ডীয়ে ৱাৰাংগল জিলাৰ নেতা আৰু দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক গুজ্জুলা প্ৰেমেন্দৰ ৰেড্ডীৰ সৈতে ৰাজহুৱা বৈঠকৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিছে । ইফালে প্ৰধানমন্ত্ৰীৰ এই সভাৰ বাবে বৃহৎ সংখ্যক লোকক একত্ৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।