অসম

assam

ETV Bharat / bharat

Panchayati Raj in India : পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতি কংগ্ৰেছে প্ৰদান কৰা নাছিল গুৰুত্ব, প্ৰধানমন্ত্ৰী - Haryana Kshetriya Panchayati Raj Parishad

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষেত্ৰীয় পঞ্চায়তী ৰাজ পৰিষদ উদ্বোধনী অনুষ্ঠানত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত বিৰোধী দল কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

PM Modi slams Congress over Panchayati Raj
পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতি কংগ্ৰেছে প্ৰদান কৰা নাছিল গুৰুত্ব

By

Published : Aug 7, 2023, 3:06 PM IST

নেশ্যনেল ডেস্ক, 7 আগষ্ট : স্বাধীনতাৰ 7 দশকৰ পাছতো হাজাৰ হাজাৰ গাঁৱলৈ বিদ্যুতৰ দৰে মৌলিক সুবিধাৰ অভাৱ বুলি অভিহিত কৰি ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দল কংগ্ৰেছক দোষাৰোপ কৰে । সোমবাৰে ভাৰ্চুৱেলি ‘হাৰিয়ানা ক্ষেত্ৰীয় পঞ্চায়তীৰাজ পৰিষদ’ উদ্বোধন কৰাৰ পিছত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ পৰৱৰ্তী চাৰিটা দশক ধৰি কংগ্ৰেছে উপলব্ধি কৰা নাছিল যে পঞ্চায়তীৰাজ ব্যৱস্থা গাঁৱে-ভূঞে ৰূপায়ণ কৰাটো কিমান গুৰুত্বপূৰ্ণ ।

দুদিনীয়া বিজেপিৰ অনুষ্ঠানটো ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উদ্বোধন কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে কংগ্ৰেছৰ শাসনকালত পঞ্চায়তীৰাজৰ অনুষ্ঠানসমূহ শক্তিশালী কৰাৰ বাবে কোনো সুনিৰ্দিষ্ট প্ৰচেষ্টা হাতত লোৱা হোৱা নাছিল । কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছৰ দুৰ্নীতিগ্ৰস্ত উদ্দেশ্যৰ বাবেই স্বাধীনতাৰ 70 বছৰৰ পাছতো 18,000 গাঁৱৰ লোকে বিদ্যুতৰ সুবিধা লাভ কৰিব পৰা নাছিল । এখন উন্নত ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰাৰ লগতে ‘অমৃত কাল’ৰ সংকল্প পূৰণৰ বাবে আজি দেশখন ঐক্যৱদ্ধভাৱে আগবাঢ়িছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

এই ‘অমৃত কাল’ৰ 25 বছৰীয়া যাত্ৰাৰ সময়ছোৱাত দেশৰ নাগৰিকে বিগত দশকৰ অভিজ্ঞতাক মনত ৰাখিব লাগিব বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে । বৰ্তমান প্ৰান্তীয় এলেকা আৰু সৰু চহৰবোৰত এক নতুন আশা আৰু শক্তি দেখা পোৱা গৈছে বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।

হাৰিয়ানাৰ ফৰিদাবাদৰ সুৰজকুণ্ডত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ, ৰাজ্যিক বিজেপিৰ মুৰব্বী অ’ পি ধানখড়কে ধৰি আন বিজেপি নেতাসকল উপস্থিত থাকে ।

লগতে পঢ়ক :Rahul Gandhis disqualification: সাংসদ পদ ঘূৰাই পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে

ABOUT THE AUTHOR

...view details