অসম

assam

ETV Bharat / bharat

Tripura shoot out case: ত্ৰিপুৰাত গুলীচালনা ঘটনাৰ ২ মূল অভিযুক্তক গ্ৰেপ্তাৰ

ত্ৰিপুৰা আৰক্ষীয়ে (Tripura Police) আগৰতলা চহৰৰ নতুন নগৰ অঞ্চলত মঙলবাৰে নিশা সংঘটিত এক গুলীচালনাৰ ঘটনাৰ দুজন প্ৰধান অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে (prime accused arrested for shoot out in Tripura) ।

Tripura
Tripura

By

Published : Oct 26, 2022, 3:29 PM IST

আগৰতলা, ২৬ অক্টোবৰ : ত্ৰিপুৰা আৰক্ষীয়ে (Tripura Police) আগৰতলা চহৰৰ নতুন নগৰ অঞ্চলত মঙলবাৰে নিশা সংঘটিত এক গুলীচালনাৰ ঘটনাৰ দুজন প্ৰধান অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে (prime accused arrested for shoot out in Tripura) । ইটিভি ভাৰতৰ (ETV Bharat) সৈতে হোৱা এক বাৰ্তালাপত মহকুমা সদৰ আৰক্ষী বিষয়া (SDPO) অজয় কুমাৰ দাসে কয় যে আগৰতলাৰ নতুন নগৰৰ এমবিবি বিমানবন্দৰ পথত অৱস্থিত সোণাৰগাঁও ধাবাৰ সন্মুখত গুলীচালনাৰ সন্দৰ্ভত ত্ৰিপুৰা আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

তেওঁ কয় যে অভিযুক্ত দুজক বিমানবন্দৰ পথৰ ঊষাবজাৰ অঞ্চলৰ বাসিন্দা প্ৰভাকৰ ঘোষ (৪০) আৰু সন্তোষ দাস (৩৫) বুলি চিনাক্ত কৰা হৈছে । বিষয়াজনে লগতে জনায় যে তেওঁলোকৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ ধাৰা ৩২৬/৩০৭/৩৪ আইপিচি আৰু ২৭(২)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে (Case registered against shoot out in Agartala) ।

এছডিপিঅ'গৰাকীয়ে লগতে কয় যে মঙলবাৰে নিশা অজ্ঞাত দুৰ্বৃত্তই ধাবাত খাদ্য গ্ৰহণ কৰি থকা ছয়জনীয়া লোকৰ এটা দলৰ ওপৰত গুলীচালনা কৰাৰ পিছত দুজন লোক গুলীত আঘাতপ্ৰাপ্ত হৈছিল ।

"উক্ত ধাবাখনত প্ৰায় ছয়জন লোকে খাদ্য গ্ৰহণ কৰি আছিল । তাৰ পিছত তেওঁলোক গুচি যায় । কিন্তু অলপ সময়ৰ পিছতে তেওঁলোক গুলীৰ আঘাত লৈ ধাবাখনৰ ভিতৰলৈ আহে । আহত লোক দুজনক হৰিপদ দাস (৩৭) আৰু সঞ্জয় দাস (৩৭) বুলি চিনাক্ত কৰা হৈছে । দুয়োজন ব্যক্তি বিমানবন্দৰ আৰক্ষী থানাৰ অন্তৰ্গত দিঘালিয়া নতুন নগৰৰ বাসিন্দা ।" তেওঁ কয় ।

আনহাতে, স্থানীয় লোকসকলেও বন্দুকৰ গুলী শুনি লগে লগে ৰাস্তালৈ ওলাই আহে আৰু পিছত আৰক্ষীক খবৰ দিয়ে বুলি তেওঁ লগতে কয় । পশ্চিম ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক শংকৰ দেৱনাথ আৰু পশ্চিম ত্ৰিপুৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনিৰ্বাণ দাসো ফৰেনচিক দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় ।

এছডিপিঅ' দাসে কয়, "তদন্ত ইয়াৰ প্ৰাৰম্ভিক পৰ্যায়ত আছে । আমি কিছুমান সূত্ৰ সংগ্ৰহ কৰিছোঁ যাৰ ওপৰত ভিত্তি কৰি তদন্ত আগবাঢ়িব ।" দাসে সাংবাদিকৰ আগত এইটোও জনায় যে এটা কাৰখানাত নিৰ্মিত বন্দুকৰ পৰা গুলীচালনা কৰা হৈছিল । সম্ভৱত সেয়া পিষ্টল হ'ব । "আমি যথেষ্ট চেষ্টা কৰি আছোঁ আৰু আশাকৰো যে আমি অতি সোনকালেই গোচৰটোত এক সফলতা লাভ কৰিম ।" দাসে লগতে কয় ।

লগতে পঢ়ক :Women arrested with fake documents: তিব্বতৰ পৰা ভুৱা নথি পত্ৰ সৰবৰাহৰ অভিযোগত আটক এগৰাকী চীনা মহিল

ABOUT THE AUTHOR

...view details