অসম

assam

ETV Bharat / bharat

প্ৰচণ্ড শীতৰ বাবে অমৃতসৰত ছাত্ৰৰ মৃত্যু - Cold grips Punjab

প্ৰচণ্ড শীতৰ বাবে পাঞ্জাবত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে (Student death in Amritsar)। স্কুলীয়া ছাত্ৰ-ছাত্ৰীও অসুস্থ হৈ পৰিছে । জ্বৰত ভুগি থকা এজন ছাত্ৰৰ মৃত্যুৰ খবৰ পোৱা গৈছে । ছাত্ৰজন ৱাৰিয়ানহৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ।

Student death in Amritsar
প্ৰচণ্ড শীতৰ বাবে অমৃতসৰত ছাত্ৰৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 2:22 PM IST

নেশ্যনেল ডেস্ক,৭ জানুৱাৰী :উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত প্ৰচণ্ড শীত, ঘন কুঁৱলী আৰু শীত প্ৰৱাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । দিল্লী, পাঞ্জাবকে ধৰি কেইবাখনো ৰাজ্যত অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে । ইয়াৰ মাজতে পাঞ্জাবত শোকাৱহ ঘটনা সংঘটিত হৈছে । প্ৰচণ্ড শীতৰ বাবে অমৃতসৰৰ এখন চৰকাৰী বিদ্যালয়ৰ এজন ছাত্ৰৰ মৃত্যু হৈছে । মৃত ছাত্ৰজন যোধা সিঙৰ পুত্ৰ প্ৰদীপ সিং বুলি চিনাক্ত কৰা হৈছে ।

প্ৰাপ্ত খবৰ অনুসৰি প্ৰচণ্ড শীতৰ বাবে ৱাৰিয়ানহৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ প্ৰদীপ সিঙৰ মৃত্যু হৈছে । তেওঁ শীতৰ বাবে জ্বৰত ভুগি আছিল । বিদ্যালয়খনৰ প্ৰধান শিক্ষক আদৰ্শ কৌৰ সান্ধুৱে কোৱা মতে ছাত্ৰজন জ্বৰত ভুগি আছিল । তেওঁৰ চিকিৎসাও চলি আছিল কিন্তু তথাপিও চিকিৎসকসকলে তেওঁক সুস্থ কৰিব নোৱাৰিলে । ছাত্ৰজনৰ মৃত্যুৰ লগে লগে বিদ্যালয়ৰ কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ মাজতো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

ইফালে ৰাজ্যখনত শীতৰ প্ৰকোপ অব্যাহত আছে আৰু আনফালে লুধিয়ানা কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়াক লৈ তৎপৰ চৰকাৰ । শিক্ষা মন্ত্ৰী হৰজোট বেইন্সে বিদ্যালয় বেছিদিন বন্ধ ৰাখিবলৈ অস্বীকাৰ কৰিছে । শিক্ষা মন্ত্ৰী বেইন্সে কৈছে যে লোকসভা নিৰ্বাচনৰ বাবে ফেব্ৰুৱাৰী মাহত শিক্ষাৰ্থীৰ পৰীক্ষা আৰম্ভ হ'ব । ইতিমধ্যে পাঞ্জাবত শীত আৰু বানপানীৰ বাবে বিদ্যালয়বোৰত অতিৰিক্ত বন্ধ আছে । যাৰ বাবে বিদ্যালয়সমূহৰ শৈক্ষিক কেলেণ্ডাৰত প্ৰভাৱ পৰিব । সেয়ে বিদ্যালয়বোৰ বেছি দিন বন্ধ ৰাখিব নোৱাৰি । তেওঁ লগে কৈছে যে ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে ।

উল্লেখ্য যে পূৰ্বে পাঞ্জাব চৰকাৰে ৰাজ্যখনৰ অংগনৱাড়ী কেন্দ্ৰসমূহ শীতৰ প্ৰতি লক্ষ্য ৰাখি ১৪ জানুৱাৰীলৈকে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল । সামাজিক ন্যায়, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী ড০ বলজিৎ কৌৰে এই সন্দৰ্ভত কৈছিল যে শীতৰ বাবে কণ কণ ল'ৰা-ছোৱালীৰ বাবে অংগনৱাড়ী কেন্দ্ৰলৈ অহাটো অতি কঠিন । এই সময়ছোৱাত অংগনৱাড়ী কৰ্মীসকলে ৩-৬ বছৰীয়া শিশুৰ বাবে ঘৰলৈ ৰেচন প্ৰেৰণ কৰিব লাগে ।

লগতে পঢ়ক :ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই বিশেষ পূজা হ'ব কৰ্ণাটকৰ মন্দিৰত

ABOUT THE AUTHOR

...view details