নিউজ ডেস্ক, ২৮ মে' :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নতুন সংসদ ভৱন উদ্বোধন কৰে (PM Modi inaugurated new parliament building) । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা নতুন সংসদ ভৱনৰ উদ্বোধনক আদৰণি জনাইছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (Droupadi Murmu welcomed parliament inauguration) । তেওঁ কয় যে এইটো সমগ্ৰ দেশৰ বাবে গৌৰৱ আৰু অপৰিসীম সুখৰ বিষয় । তেওঁ লগতে কয় যে নতুন সংসদ ভৱনৰ উদ্বোধন দেশৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব ।
উল্লেখ্য, নতুন সংসদ ভৱন উদ্বোধন উপলক্ষে ৰাষ্ট্ৰপতিয়ে এক লিখিত শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে (Droupadi Murmu on parliament inauguration) । আনহাতে, ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশে ৰাষ্ট্ৰপতি মুৰ্মুৰ শুভেচ্ছা বাৰ্তা লোকসভাত পাঠ কৰি দিয়ে । বাৰ্তাটোত কোৱা হৈছে যে নতুন সংসদ ভৱনৰ উদ্বোধন ভাৰতৰ সকলো জনসাধাৰণৰ বাবে এক গৌৰৱ আৰু আনন্দৰ বিষয় । তেওঁ লগতে কয় যে নতুন সংসদ ভৱনটো ভাৰতৰ গণতান্ত্ৰিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি (president Droupadi Murmu)।
লগতে তেওঁ কয় নতুন সংসদ ভৱনৰ এই উদ্বোধন ভাৰতৰ ইতিহাসত স্বৰ্ণিল আখৰেৰে লিখা থাকিব । উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কৰা নতুন সংসদ ভৱন উদ্বোধন কাৰ্যসূচী বহুকেইটা বিৰোধী দলে বৰ্জন কৰে । ৰাষ্ট্ৰপতিক নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ নিদিয়াৰ প্ৰতিবাদকল্পেই বিৰোধী দলকেইটাই এই অনুষ্ঠান বৰ্জন কৰে । উল্লেখ্য যে ৰাষ্ট্ৰপতিক আনকি উদ্বোধনী অনুষ্ঠানটোলৈ আমন্ত্ৰণো জনোৱা হোৱা নাছিল ।