অসম

assam

ETV Bharat / bharat

Tripura Violence : ত্ৰিপুৰা আৰক্ষীৰ বিৰুদ্ধে সৰৱ Press Club of India - স্বৰ্ণ ঝা

শেহতীয়াকৈ ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীস্থিত এটা সংবাদ প্ৰতিষ্ঠানৰ দুই সাংবাদিকক । ত্ৰিপুৰাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা দুই সাংবাদিকৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা এই ব্যৱস্থাক সমালোচনা প্ৰেছ ক্লাৱ অব ইণ্ডিয়াৰ । ত্ৰিপুৰা আৰক্ষীৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ প্ৰেছ ক্লাৱ অব ইণ্ডিয়াৰ ।

Press Club of India
ত্ৰিপুৰা আৰক্ষীৰ বিৰুদ্ধে সৰৱ Press Club of India

By

Published : Nov 17, 2021, 12:28 PM IST

নেশ্যনেল ডেস্ক,১৭ নৱেম্বৰ :শেহতীয়াকৈ ত্ৰিপুৰাত ভুৱা বাতৰি প্ৰচাৰ আৰু ৰাজ্যখনত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ বাবে একাংশ লোকে চেষ্টা অব্যাহত ৰাখিছে । যাৰ বাবে সমগ্ৰ ৰাজ্যখনতে ব্যাপক উত্তেজনা অব্যাহত আছে । ইয়াৰ মাজতে সাম্প্ৰদায়িক হিংসা সৃষ্টি কৰাৰ অভিযোগত ত্ৰিপুৰাৰ আৰক্ষীয়ে দুগৰাকীকৈ মহিলা সাংবাদিকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে । ত্ৰিপুৰাৰ আৰক্ষীৰ এই কাৰ্যত এতিয়া ক্ষোভিত হৈ পৰিছে সমগ্ৰ সাংবাদিক সমাজ ।

ত্ৰিপুৰা আৰক্ষীক এই গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াই (Press Club of India) । ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰি নিশালৈকে থানাতে সাংবাদিক দুগৰাকীক ৰখা কাৰ্যক গৰিহণা প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ । আৰক্ষীৰ এই কাৰ্যৰ বিৰুদ্ধে PCIয়ে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কমিছন (NHRC)ক বিষয়টো বিবেচনা কৰিবলৈও আহ্বান জনাইছে । প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ মতে মানৱ অধিকাৰৰ উলংঘন কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে ।

উল্লেখ্য যে শেহতীয়া সাম্প্ৰদায়িক ঘটনা সন্দৰ্ভত বাতৰি সংগ্ৰহৰ বাবে ত্ৰিপুৰালৈ আহিছে এইচ ডব্লিউ নিউজ নেটৱৰ্কৰ (HW News Network) দুই সাংবাদিক ক্ৰমে সমৃদ্ধি চাকুনিয়া (Samriddhi Sakunia) আৰু স্বৰ্ণ ঝা (Swarna Jha) ।

দেওবাৰে অসম-ত্ৰিপুৰা সীমান্তৰ ওচৰৰ কৰিমগঞ্জৰ নীলম বজাৰত অসম আৰক্ষীয়ে তেওঁলোকক আটক কৰে আৰু পাছত তেওঁলোকক ত্ৰিপুৰালৈ প্ৰেৰণ কৰা হয় । কিন্তু সামাজিক মাধ্যমত উত্তেজনামূলক আৰু ভুৱা বাতৰি পোষ্ট কৰাৰ অভিযোগত সোমবাৰে পুৱা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় । অৱশ্যে পৰৱৰ্তী সময়ত দুয়োকে জামিনত মুকলি কৰি দিয়া হয় ।

ইয়াৰ পাছতে প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াই সমগ্ৰ ঘটনাক নিন্দা কৰিছে । প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াই কয় যে বিশ্ব হিন্দু পৰিষদ (VHP) নামৰ সংগঠনটোৱে দেওবাৰে ত্ৰিপুৰাৰ ফতিক্ৰয় আৰক্ষী থানাত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত সাংবাদিক দুগৰাকীক গ্ৰেপ্তাৰ কৰিছে । প্ৰেছ ক্লাব অৱ ইণ্ডিয়াই সেয়েহে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় লগতে সংবাদ মাধ্যমক যাতে স্বতন্ত্ৰভাৱে তেওঁলোকৰ কৰ্তব্য পালন কৰিবলৈ অনুমতি দিয়ে তাৰ বাবে আহ্বান জনায় ।

PCI ৰ মতে আৰক্ষীয়ে এগৰাকী মহিলাক সন্ধিয়া ৬ বজাৰ পাছত আৰক্ষী থানাত আটক কৰি ৰাখিব নোৱাৰে কিন্তু তাৰ পৰিৱৰ্তে দুয়োগৰাকী সাংবাদিকক নিশালৈকে থানাত ৰখাটো উচিত হোৱা নাই । সেয়েহে মানৱ অধিকাৰ আয়োগক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ প্ৰেছ ক্লাব অৱ ইণ্ডিয়াই আহ্বান জনায় । PCI য়ে লগতে কয় যে, ত্ৰিপুৰা আৰক্ষীৰ হাতত সংবাদ মাধ্যমৰ ব্যক্তিয়ে হাৰাশাস্তিৰ সন্মুখীন হোৱাটো প্ৰথম ঘটনা নহয় । সাংবাদিক শ্যাম মীৰা সিঙৰ বিৰুদ্ধেও ইউএপিএৰ (UAPA) অধীনত ত্ৰিপুৰাত সংঘটিত উদ্বেগজনক ঘটনাৰ বিষয়ে প্ৰতিবেদন দিয়াৰ বাবে গোচৰ ৰুজু কৰা হৈছিল ।

লগতে পঢ়ক :Aviation Turbine Fuel ৰ VAT হ্ৰাসৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

ABOUT THE AUTHOR

...view details