সিৰহি, 22 জুন:দেশৰ ৰাষ্ট্ৰপতি পদৰ বাবে শিৰোনামত আছে এন ডি এৰ প্ৰাৰ্থী আদিবাসী মহিলা আৰু ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মূৰ নাম (NDA Presidential Candidate Draupadi Murmu) ৷ ইতিমধ্যে এন ডি এয়ে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীৰ ৰূপত দ্ৰৌপদী মুৰ্মূৰ নাম ঘোষণা কৰিছে ৷ মুৰ্মূ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী নামৰ আধ্যত্মিক অনুষ্ঠানটোৰ লগত গভীৰ ভাৱে জড়িত হৈ আহিছে (Draupadi Murmu Attachment to Brahma Kumaris) ৷ 2009 চনৰ পৰা অনুষ্ঠানটোৰ লগত জড়িত হোৱাৰ লগতে প্ৰাক্তন ৰাজ্যপালগৰাকীক ব্ৰহ্মাকুমাৰী ভগ্নীসকলে ৰাজযোগ ধ্যান কৰিবলৈ উদ্বুদ্ধ কৰি আহিছে ৷
উল্লেখ্য যে, দ্ৰৌপদী মুৰ্মূ আধ্যত্মিক ধ্যানধাৰণাত যথেষ্ঠ আগ্ৰহী ৷ ৰাজ্যপাল হৈ থকাৰ অৱস্থাত তেখেতে দুবাৰ ৰাজস্থানৰ মাউণ্ড আবুস্থিত ব্ৰহ্মাকুমাৰীৰ মূখ্য কেন্দ্ৰ ভ্ৰমণ কৰিছে ৷ অৱশ্যে ৰাজ্যপাল হোৱাৰ পূৰ্বেও দ্ৰৌপদী মুৰ্মূয়ে বহুবাৰ গৈছে মাউণ্ড আবুলৈ ৷