নেশ্যনেল ডেস্ক, ৫ ছেপ্টেম্বৰ : সংসদৰ বিশেষ অধিৱেশনৰ সময়ত কেন্দ্ৰই ‘INDIA’ৰ নাম সলনি কৰি ‘BHARAT’ (India to Bharat) কৰাৰ নতুন প্ৰস্তাৱ উত্থাপন কৰাৰ সম্ভাৱনা আছে । ১৮ ছেপ্টেম্বৰৰ বিশেষ অধিবেশনত এই দিশত এটা প্ৰস্তাৱ অনাটো চৰকাৰৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ । ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হ’বলগীয়া অধিৱেশন ২২ ছেপ্টেম্বৰলৈকে চলিব । কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ সূত্ৰই মঙলবাৰে ইটিভি ভাৰতক সদৰী কৰে এই তথ্য ৷
ইফালে বিজেপি নেতৃত্বাধীন কেন্দ্ৰটোত নতুনকৈ আক্ৰমণ চলাই জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে দাবী কৰে যে ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা জি-২০ শীৰ্ষ সন্মিলনৰ ৰাতিৰ আহাৰ গ্ৰহণৰ নিমন্ত্ৰণত প্ৰথাগত ‘‘President of India’’ৰ পৰিৱৰ্তে ‘‘President of Bharat’’ লিখা থাকে । ৰাষ্ট্ৰপতি ভৱনে ৯ ছেপ্টেম্বৰত জি-২০ৰ নিশাৰ আহাৰৰ বাবে সাধাৰণ ভাষাত ‘President of India’’ৰ পৰিৱৰ্তে ‘‘President of Bharat’’ৰ নামত নিমন্ত্ৰণ প্ৰেৰণ কৰিছে । জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে Xটুইটাত সদৰী কৰিছে এই কথা ৷
উল্লেখযোগ্য যে, ২৬টা বিৰোধী দলে ‘INDIA’ (Indian National Developmental Inclusive Alliance) নামৰ এটা সংগঠন গঠন কৰাৰ পিচৰে পৰা শাসকীয় বিজেপিয়ে এই কার্যক সমালোচনা কৰি আহিছে ৷ আনকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ একাংশ নেতাই অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰত হিচাপে নিজৰ বায় Xত সলনি কৰিলে ।