অসম

assam

ETV Bharat / bharat

President to visit West Bengal : ‘বিন্ধ্যগিৰি’ উন্মোচন অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰপতি মূৰ্মু - প্ৰজেক্ট ১৭ ক্লাছ ফ্ৰিগেট

আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে পশ্চিম বংগ ভ্ৰমণ কৰিব ৷ লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে ‘‘মোৰ বংগ, নিচামুক্ত বংগ’’ অভিযানৰ শুভাৰম্ভ কৰিব বুলিও জানিব পৰা গৈছে ৷

President to visit West Bengal
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে পশ্চিম বংগ ভ্ৰমণ কৰিব

By

Published : Aug 17, 2023, 8:15 AM IST

নিউজ ডেস্ক, ১৭ আগষ্ট : আজি অৰ্থাৎ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে পশ্চিম বংগ ভ্ৰমণ কৰিব । কলকাতা ৰাজ ভৱনৰ দ্বাৰা আয়োজিত ‘‘নিচা মুক্তি ভাৰত অভিযান’’ৰ অন্তৰ্গত ‘‘মোৰ বংগ, নিচামুক্ত বংগ’’ অভিযানৰ শুভাৰম্ভ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ সংবাদ সংন্থা ANI ৰ বাতৰিত প্ৰকাশিত এই তথ্য ৷

উল্লেখ্য যে, ৰাষ্ট্ৰপতি মূৰ্মুৱে চলিত বৰ্ষৰ মাৰ্চ মাহৰ আৰম্ভণিতে প্ৰথমবাৰৰ বাবে পশ্চিম বংগ ভ্ৰমণ কৰিছিল । ৰাষ্ট্ৰপতিগৰাকীৰ আগমনৰ পিচতে কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গাৰ্ড অৱ অনাৰৰ প্ৰস্তাৱ দিয়া হয় । তেওঁ গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ ইঞ্জিনিয়াৰ্ছ লিমিটেডৰ ভাৰতীয় নৌসেনাৰ প্ৰজেক্ট ১৭A ৰ ষষ্ঠখন জাহাজ ‘বিন্ধ্যগিৰি’ উন্মোচন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব ।

কৰ্ণাটকৰ পৰ্বতমালাৰ নামেৰে নামাকৰণ কৰা বিন্ধ্যগিৰি প্ৰজেক্ট ১৭A ফ্ৰিগেটৰ ষষ্ঠখন জাহাজ । এই যুদ্ধ জাহাজসমূহ প্ৰজেক্ট ১৭ ক্লাছ ফ্ৰিগেট (Shivalik Class)ৰ বৈশিষ্ট্য হৈছে উন্নত অস্ত্ৰ-শস্ত্ৰ আৰু চেন্সৰ প্লেটফৰ্ম ব্যৱস্থাপনাৰ ব্যৱস্থাযুক্ত ৷

পুৰণি বিন্ধ্যগিৰি ৮ জুলাই ৮১ ৰ পৰা ১১ জুন ১২ লৈ প্ৰায় ৩১ বছৰীয়া সেৱাত বিভিন্ন প্ৰত্যাহ্বানমূলক অভিযান আৰু বহুজাতিক অনুশীলনৰ সাক্ষী হৈছিল । নতুনকৈ নামকৰণ কৰা বিন্ধ্যগিৰি জাহাজখন ভাৰতীয় নৌসেনাৰ ঐতিহ্যক আকোঁৱালি লোৱাৰ সংকল্পৰ প্ৰতীক হিচাপে থিয় দিছে ৷ এই জাহাজখনে প্ৰতিৰক্ষা ক্ষমতাৰ ভৱিষ্যতৰ দিশত আগুৱাই লৈ গৈছে ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতিত সদৰী কৰিছে এই তথ্য ৷

"প্ৰজেক্ট ১৭A কাৰ্যসূচীৰ অধীনত মুঠ চাৰিখন জাহাজ M/s MDL আৰু M/s GRSE ৰ তিনিখন জাহাজৰ নিৰ্মাণৰ কাম চলি আছে । ২০১৯-২০২২ চনৰ ভিতৰত প্ৰকল্পটোৰ প্ৰথম পাঁচখন জাহাজ MDL আৰু GRSE য়ে মুকলি কৰিছে ৷ যুদ্ধজাহাজ ডিজাইন কাৰ্যকলাপৰ অগ্ৰণী সংস্থা ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ ডিজাইন ব্যুৰোৱে প্ৰজেক্ট ১৭A জাহাজসমূহ ডিজাইন কৰিছে ৷

লগতে পঢ়ক :Rahul on 2 days visit to Ladakh: দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখলৈ ৰাওনা হোৱাৰ সম্ভাৱনা ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details