নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ :ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ১৭ ৰ পৰা ১৯ ছেপ্টেম্বৰৰ ভিতৰত লণ্ডন ভ্ৰমণ (President Droupadi Murmu London visit) কৰি ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ভাৰত চৰকাৰৰ হৈ তেওঁ সমবেদনা জ্ঞাপন কৰিব (President Murmu to attend Queen Elizabeth funeral) । বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথা ঘোষণা কৰে ।
উল্লেখ্য, ৰাণী দ্বিতীয় এলিজাবেথৰ যোৱা ৮ ছেপ্টেম্বৰত মৃত্যু হয় (Queen Elizabeth II passed away) । ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে (Modi expressed condolence to Elizabeth II death) । আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভাৰতৰ হৈ সমবেদনা জ্ঞাপন কৰিবলৈ ১২ ছেপ্টেম্বৰত লণ্ডনস্থিত ব্ৰিটিছ উচ্চায়ুক্তলৈ যায় ।
লগতে ভাৰতে দেওবাৰে ৰাষ্ট্ৰীয় শোক দিৱসো পালন কৰে । উল্লেখ্য, ৰাণী দ্বিতীয় এলিজাবেথৰ ৭০ বছৰীয়া শাসনকালত ভাৰত-ব্ৰিটেইনৰ মাজৰ চুক্তি আৰু সম্পৰ্ক বিকশিত আৰু শক্তিশালী হৈছিল । তেওঁ কমনৱেলথৰ মুৰব্বী হিচাপে বিশ্বৰ লাখ লাখ লোকৰ কল্যাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এক বিবৃতিত এনেদৰে কয় ।
৮ ছেপ্টেম্বৰত স্কটলেণ্ডৰ বালম'ৰেল কেচেল গ্ৰীষ্মকালীন বাসভৱনত ৯৬ বছৰ বয়সত মৃত্যুবৰণ কৰা ৰাণী দ্বিতীয় এলিজাবেথৰ ১৯ ছেপ্টেম্বৰত ৱেষ্টমিনষ্টাৰ এবেত এক ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানৰ দ্বাৰা চিৰ বিশ্ৰাম দিয়া হ'ব (funeral of Queen Elizabeth II on 19th September) ।