অসম

assam

ETV Bharat / bharat

Mercy petition of Rapist: কিশোৰী ধৰ্ষণকাৰীৰ শাস্তি লাঘৱৰ আবেদন খাৰিজ ৰাষ্ট্ৰপতি মুৰ্মুৰ - Droupadi Murmu

ৰাষ্ট্ৰপতি দ্ৰৌপাদী মুৰ্মুৱে চাৰি বছৰীয়া কিশোৰীক নৃশংসভাৱে ধৰ্ষণ কৰি শিলগুটিৰে মৰিয়াই হত্যা কৰা অভিযুক্ত বসন্ত সম্পাট দুপাৰেৰ শাস্তি লাঘৱ কৰাৰ আবেদন খাৰিজ কৰে (President Draupadi Murmu rejected mercy petition)৷

President Murmu rejects mercy petition of man convicted for raping, killing 4-year-old girl
কিশোৰী ধৰ্ষণকাৰীৰ শাস্তি ৰেহাইৰ আবেদন খাৰিজ ৰাষ্ট্ৰপতি মুৰ্মুৰ

By

Published : May 4, 2023, 10:21 PM IST

নিউজ ডেস্ক, 4 মে’: ৰাষ্ট্ৰপতি দ্ৰৌপাদী মুৰ্মুৱে ২০০৮ চনত মহাৰাষ্ট্ৰত এগৰাকী চাৰি বছৰীয়া কিশোৰীক ধৰ্ষণ আৰু শিলগুটিৰে হত্যা কৰাৰ বাবে দোষী সাব্যস্ত হোৱা ধৰ্ষণকাৰীৰ শাস্তি ৰেহাইৰ আবেদন খাৰিজ কৰিছে (Man convicted for raping)। 2017 চনৰ 3 মে’ত উচ্চতম ন্যায়ালয়ে ধৰ্ষণৰ অভিযুক্ত বসন্ত সম্পাত দুপাৰেৰ (61) পুনৰীক্ষণ আবেদন খাৰিজ কৰি ফাঁচীৰ শাস্তি বিহিছিল (President Draupadi Murmu rejected mercy petition) ৷

উল্লেখ্য যে, 2008 চনত নাগপুৰৰ বাসিন্দা বসন্ত সম্পাত ডুপাৰে এগৰাকী চাৰি বছৰীয়া কিশোৰীক নৃশংসভাৱে ধৰ্ষণ কৰি শিলগুটিৰে মৰিয়াই হত্যা কৰিছিল ৷ অভিযুক্তটোৱে কিশোৰীগৰাকীক চকলেটৰ প্ৰলোভন দি কিশোৰীগৰাকীক নিজ ঘৰলৈ লৈ গৈ ধৰ্ষণ কৰি হত্যা কৰি, কিশোৰীগৰাকীক দুটাকৈ শিলেৰে থেতেলিয়াই পৰিচয় নিচিহ্ন কৰিবলৈ চেষ্টা কৰিছিল (mercy petition of man convicted for raping) ৷ তাৰ পিচত মৃতদেহটো লুকুৱাই ৰাখিছিল ৷

তাৰ পিচতে ২০০৮ চনত বোম্বাই উচ্চ ন্যায়ালয়ে অভিযুক্ত ডুপাৰক দোষী সাব্যস্ত কৰা হৈছিল আৰু মৃত্যুদণ্ড বিহা হৈছিল (mercy petition)। উচ্চতম ন্যায়ালয়ে ২০১৪ চনৰ নৱেম্বৰত এই অপৰাধটোক "পৈশাচিক আৰু বৰ্বৰ" বুলি অভিহিত কৰিছিল ৷ আদালতৰ নিৰ্দেশনা অনুসৰি এই অপৰাধৰ শাস্তি কোনো পধ্যেই লাঘৱ নহয় ৷

ৰাষ্ট্ৰপতি সচিবালয়ে এই বছৰৰ ২৮ মাৰ্চত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা বিষয়টোৰ সন্দৰ্ভত এটা পৰামৰ্শ লাভ কৰিছিল । ৰাষ্ট্ৰপতিৰ সচিবালয়ে ২৮ এপ্ৰিল, ২০২৩ তাৰিখে উন্নীত কৰা শাস্তি লাঘৱৰ আবেদনৰ স্থিতি সন্দৰ্ভত এক বিবৃতিত কয় যে, ৰাষ্ট্ৰপতিয়ে (১০ এপ্ৰিলত) শাস্তি লাঘৱৰ আবেদন নাকচ কৰিছিল ।

ইয়াৰ পিচতে ২০১৪ চনৰ ২৬ নৱেম্বৰত বিচাৰ আদালতৰ লগতে বোম্বাই উচ্চ ন্যায়ালয়ৰ ২০০৮ চনৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত মহাৰাষ্ট্ৰৰ বাসিন্দা দুপাৰেক মৃত্যুদণ্ড প্ৰদান কৰাৰ সিদ্ধান্তই অটল ৰখা হ’ল । উচ্চতম ন্যায়ালয়ে 2016 চনৰ 14 জুলাইত দুপাৰেৰ আবেদন পুনৰ নীৰিক্ষণ কৰিবলৈ সন্মত হৈছিল ৷ আবেদনখনত উল্লেখ কৰা হৈছিল যে, অভিযুক্তৰ বিচাৰত আদালতত নিজ পক্ষৰ যুক্তি আগবঢ়োৱাৰ উচিত সুযোগ দিয়া হোৱা নাছিল, ফলত আদালতে অভিযুক্তটোক মৃত্যুদণ্ডৰ শাস্তি বিহিছিল ৷

লগতে পঢ়ক:Manipur Violence: অশান্ত মণিপুৰত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ ৰাজ্যপালৰ

ABOUT THE AUTHOR

...view details