অসম

assam

ETV Bharat / bharat

4 দিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

চাৰিদিনীয়া ভ্ৰমণসূচী লৈ উত্তৰ প্ৰদেশলৈ ৰাওনা হ'ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷ উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ সম্পূৰ্ণানন্দ(Uttar Pradesh Chief Minister Dr Sampurnanand)ৰ এটা 6 ফুট ওখ ব্ৰঞ্জৰ মূৰ্তি উন্মোচন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ অন্যান্য অনুষ্ঠানত অংশ লোৱাৰ লগতে ৰাম জন্মভূমি মন্দিৰৰ নিৰ্মাণ ক্ষেত্ৰও পৰিদৰ্শন কৰিব ৰাষ্ট্ৰপতি কোবিন্দে ৷

President Kovind to begin 4-day UP visit today
উত্তৰ প্ৰদেশলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

By

Published : Aug 26, 2021, 2:12 PM IST

নেশ্যনেল ডেস্ক , 26 আগষ্ট : চাৰিদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশত উপস্থিত হ'ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷ বিভাগীয় সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে লক্ষ্ণৌৰ বাবাচাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়(Babasaheb Bhimrao Ambedkar University)ৰ নৱম সমাৱৰ্তন অনুষ্ঠান(ninth convocation ceremony)ত অংশগ্ৰহণ কৰিব ৷ শুকুৰবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে লক্ষ্ণৌৰ কেপ্তেইন মনোজ কুমাৰ পাণ্ডে ইউ পি সৈনিক স্কুল(Captain Manoj Kumar Pandey UP Sainik School)ৰ হীৰক জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব ৷

এই হীৰক জয়ন্তী অনুষ্ঠানতে ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ সম্পূৰ্ণানন্দ(Uttar Pradesh Chief Minister Dr Sampurnanand)ৰ এটা 6 ফুট ওখ ব্ৰঞ্জৰ মূৰ্তি উন্মোচন কৰিব ৷ ড৹ সম্পূৰ্ণানন্দৰ নামেৰে নিৰ্মিত এটা প্ৰেক্ষাগৃহ ৰাষ্ট্ৰপতিগৰাকীয়ে উন্মোচন কৰিব ৷ ইয়াৰ পাচতে শুকুৰবাৰে লক্ষ্ণৌৰ সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান(Sanjay Gandhi Postgraduate Institute of Medical Sciences)ৰ 26 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ৰাষ্ট্ৰপতি কোবিন্দ উপস্থিত থাকিব ৷

লগতে পঢ়ক :কেন্দ্ৰীয় চৰকাৰে আজি মুকলি কৰিব E-Shram portal

28 আগষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে গোৰখপুৰ ভ্ৰমণ কৰিব আৰু মহাযোগী গুৰু গোৰখনাথ আয়ুষ বিশ্ববিদ্যালয়(Mahayogi Guru Gorakhnath AYUSH Vishwavidyalaya)ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মহাযোগী গোৰখনাথ বিশ্ববিদ্যালয়(Mahayogi Gorakhnath Vishwavidyalaya) উদ্বোধন কৰিব ৷

দেওবাৰে তেওঁ অযোধ্যালৈ বুলি ৰাষ্ট্ৰপতিৰ ৰে'লত যাত্ৰা কৰিব ৷ প্ৰাপ্ত তথ্য অনুসৰি, যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰৰ অধীনত সংস্কৃতি আৰু পৰ্যটন বিভাগৰ বিভিন্ন প্ৰকল্পও ৰাষ্ট্ৰপতিগৰাকীয়ে শুভাৰম্ভ কৰিব ৷ এই প্ৰকল্পসমূহৰ ভিতৰত আছে, তুলসী স্মাৰক ভৱনৰ নৱীকৰণ আৰু নিৰ্মাণ(renovation and construction of the Tulsi Smarak Bhavan), নগৰ বাছ ষ্টেণ্ড আৰু অযোধ্যা ধামৰ বিকাশ(development of the Nagar Bus Stand, and Ayodhya Dham) ৷ ৰাম জন্মভূমি মন্দিৰৰ নিৰ্মাণ ক্ষেত্ৰ(construction site of the Ram Janmabhoomi templ) পৰিদৰ্শন কৰাৰ লগতে ৰাষ্ট্ৰপতি কোবিন্দে মন্দিৰত পূজা আগবঢ়াব বুলিও কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :উচ্চতম ন্যায়ালয়লৈ পদোন্নতি ৩ গৰাকী মহিলা ন্যায়াধীশৰ

ABOUT THE AUTHOR

...view details