নেশ্যনেল ডেস্ক, 15 অক্টোবৰ :আজি মিছাইল মেন ড৹ এ পি জে আব্দুল কালামৰ 90 সংখ্যক জন্মবাৰ্ষিকী ৷ কালামৰ জন্মবৰ্ষিকী উপলক্ষে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত নৰ্ডাৰ্ণ কামাণ্ডত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ ৰাষ্ট্ৰপতি ভৱনে টুইটযোগে কয়, "ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাৰ নৰ্ডাৰ্ণ কামাণ্ডত প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷"
কালামৰ ওপজা দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও তেওঁক স্মৰণ কৰে ৷ প্ৰধানমন্ত্ৰীয়ে কয়, মিছাইল মেনে তেওঁৰ সম্পূৰ্ণ জীৱন ভাৰতক শক্তিশালী, উপযুক্ত আৰু সমৃদ্ধ কৰিবলৈ উচৰ্গা কৰিছিল ৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয়, দেশবাসীৰ বাবে কালাম সদায় এক অনুপ্ৰেৰণা হৈ থাকিব ৷
ৰাইজৰ ৰাষ্ট্ৰপতি হোৱাৰ পৰা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষেপণাস্ত্ৰৰ বিকাশৰ নেতৃত্ব দিয়ালৈকে, প্ৰয়াত ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালামে বিভিন্ন ক্ষেত্ৰত দেশৰ বিকাশত অৰিহণা যোগাইছে ৷ এগৰাকী এয়াৰোস্পেচ হিচাপে কালামে ভাৰতৰ দুটাকৈ গুৰুপূৰ্ণ গৱেষণা প্ৰতিষ্ঠানৰ সৈতে কাম কৰিছিল ৷ এই প্ৰতিষ্ঠান দুটা ক্ৰমে- Defence Research and Development Organisation (DRDO) আৰু Indian Space Research Organisation (ISRO) ৷