অসম

assam

ETV Bharat / bharat

OBC বিধেয়কলৈ সন্মতি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ - ভাৰতীয় ৰাজপত্ৰ

অ'বিচি সংশোধনী বিধেয়ক অনুসৰি সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণী চিনাক্ত আৰু নিৰ্দিষ্ট কৰাৰ ক্ষমতা দিয়া হৈছে ৰাজ্য চৰকাৰসমূহক । শেহতীয়াকৈ অনুষ্ঠিত বৰ্ষাকালীন অধিৱেশনৰ সময়ত সংসদত গৃহীত হৈছিল এই বিধেয়কখন ।

President Kovind grants assent to OBC Bill
OBC বিধেয়কলৈ সন্মতি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

By

Published : Aug 20, 2021, 11:34 AM IST

নেশ্যনেল ডেস্ক, ২০ আগষ্ট :ভাৰতীয় সংবিধানৰ ১০৫ তম সংশোধনী আইন,২০২১ সন্মতি প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ (Ram Nath Kovind) । চলিক ২০২১ বৰ্ষৰে ১১ আগষ্টত সংসদত গৃহীত হৈছিল এই বিধেয়ক । এই বিধেয়ক অনুসৰি ৰাজ্যসমূহক সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণী (SEBC) চিনাক্ত আৰু নিৰ্দিষ্ট কৰাৰ ক্ষমতা প্ৰদান কৰা হয় ।

আইন আৰু ন্যায় মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা ভাৰতীয় ৰাজপত্ৰত আইনখনে সংবিধানৰ অনুচ্ছেদ ৩৩৮B ক সংশোধন কৰিব, ধাৰা (৯)ত আৰু ইয়াৰ এটা ব্যৱস্থা অন্তৰ্ভুক্ত কৰিব । সেয়া হৈছে " এই ধাৰাত একো অনুচ্ছেদ ৩৪২A-ৰ ধাৰা (৩)ৰ উদ্দেশ্যৰ বাবে প্ৰযোজ্য নহ'ব ।" সংবিধানৰ অনুচ্ছেদ ৩৪২A-অনুসৰি সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ তালিকা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তুত আৰু বজাই ৰখা উচিত ।

ইফালে প্ৰতিখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে এই আইন অনুসৰি নিজৰ উদ্দেশ্যৰ বাবে সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ এখন তালিকা প্ৰস্তুত আৰু বজাই ৰাখিব পাৰিব, য'ত প্ৰবিষ্টিবোৰ কেন্দ্ৰীয় তালিকাতকৈ পৃথক হ'ব পাৰে ।

গেজেটখন অনুসৰি সংবিধানৰ অনুচ্ছেদ ৩৬৬-ত, ধাৰা (২৬চি)ৰ বাবে, বিশেষ ধাৰাটো সলনি কৰা হ'ব, অৰ্থাৎ (২৬চি) সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণী মানে এনে পিছপৰা শ্ৰেণী যিবোৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ উদ্দেশ্যৰ বাবে অনুচ্ছেদ ৩৪২A-ৰ অধীনত বুলি গণ্য কৰা হ'ব । উল্লেখ্য যে পূৰ্বে, মাৰাঠা কোটা গোচৰত উচ্চতম ন্যায়ালয়ে ২০১৮ চনত মহাৰাষ্ট্ৰ চৰকাৰে অনা মাৰাঠা সম্প্ৰদায়ৰ বাবে চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানত সংৰক্ষণ বাতিল কৰি কয় যে ই আগতে আৰোপ কৰা ৫০ শতাংশৰ সীমা অতিক্ৰম কৰিছে।

লগতে পঢ়ক :প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম বাৰ্ষিকী...

ABOUT THE AUTHOR

...view details