অসম

assam

ETV Bharat / bharat

দেশবাসীক ৰাষ্ট্ৰপতিৰ হোলীৰ শুভেচ্ছা - বাইপাছ প্ৰক্ৰিয়া

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে হোলী উপলক্ষে দেশৰ সকলো নাগৰিকক শুভেচ্ছা জনায় ৷ ৰঙৰ উৎসৱ হোলী সামাজিক সমন্বয়ৰ উৎসৱ, যিয়ে মানুহৰ জীৱনত আনন্দ আৰু আশা আনে ।

president-kovind-extends-holi-wishes-hopes-festival-will-strengthen-spirit-of-nationalism
ৰাষ্ট্ৰপতিৰ হোলী শুভেচ্ছা

By

Published : Mar 29, 2021, 12:03 PM IST

নতুন দিল্লী,29 মাৰ্চ: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে হোলী উপলক্ষে দেশবাসীক শুভেচ্ছা জনায় ৷ এই উৎসৱে জন সাধাৰণৰ মাজত জাতীয়তাবাদৰ চেতনা অধিক শক্তিশালী কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । "সকলো নাগৰিককে হোলীৰ শুভেচ্ছা । ৰঙৰ উৎসৱ হোলী সামাজিক সমন্বয়ৰ উৎসৱ যিয়ে মানুহৰ জীৱনত আনন্দ আৰু আশা আনে । এই উৎসৱে জাতীয়তাবাদৰ চেতনাক অধিক শক্তিশালী কৰক, যিটো আমাৰ সাংস্কৃতিক বৈচিত্ৰতাৰ অবিচ্ছেদ্য অংগ"- এইবুলি ৰাষ্ট্ৰপতি গৰাকীয়ে টুইটযোগে প্ৰকাশ কৰে ।

বৰ্তমান ৰাষ্ট্ৰপতি গৰাকী এইমছ দিল্লী চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু মঙলবাৰে ৰাতিপুৱা বাইপাছ অস্ত্ৰোপচাৰ সম্পন্ন কাৰ হ’ব ৷ বিগত শুকুৰবাৰে ৰাষ্ট্ৰপতি গৰাকীয়ে বুকুত অস্বস্তি অনুভৱ কৰাৰ পিছত সেনাৰ গৱেষণা আৰু ৰেফাৰেল চিকিৎসালয়লৈ যোৱা হৈছিল ৷

পিছত শনিবাৰে আবেলি তেওঁক এইমছলৈ স্থানান্তৰ কৰা হয় । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি কেইবাজনো ৰাজনৈতিক নেতাই দেশবাসীক হোলীৰ শুভেচ্ছা জনাইছে ৷ লগতে কামনা কৰিছে যে, এই উৎসৱে মানুহৰ জীৱনত নতুন শক্তিৰ সৃষ্টি কৰে ৷ উল্লেখ্য যে, COVID-19 ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত দেশৰ বেছিভাগ ৰাজ্যত ৰাজহুৱাকৈ হোলীৰ উদযাপন নিষিদ্ধ কৰা হৈছে ৷

লগতে পঢ়ক:জম্মু-কাশ্মীৰত সতীৰ্থক গুলীচালনা আৰক্ষী বিষয়াৰ

ABOUT THE AUTHOR

...view details