নেশ্যনেল ডেস্ক, ৯ মাৰ্চ :এদিনীয়া ভ্ৰমণসূচীৰে অমৃতসৰত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Murmu at Punjab)। বৃহস্পতিবাৰে অমৃতসৰত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী । শ্ৰী গুৰু ৰামদাস আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ৰাষ্ট্ৰপতি মুৰ্মুক ৰাজ্যপাল বনোৱাৰীলাল পুৰোহিত আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আদৰণি জনায় । তাৰ পাছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে সচখণ্ড শ্ৰী হৰমন্দিৰ চাহিবত উপস্থিত হয় (Droupadi Murmu Punjab visit)।
হৰমন্দিৰ চাহিবত প্ৰণাম জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে জালিয়ানৱালা বাগ, দুৰ্জিয়ানা মন্দিৰ আৰু শ্ৰী ৰাম তীৰ্থও পৰিদৰ্শন কৰে । ইফালে ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে সচখণ্ড শ্ৰী হৰমন্দিৰ চাহিবলৈ অহা তীৰ্থযাত্ৰীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় (President Murmu visits Sri Harmandir Sahib)। কিয়নো নিৰাপত্তাজনিত কাৰণত আন ভক্তসকলক বাহিৰত ৰখাই দিয়া হৈছিল ।
ইফালে ৰাষ্ট্ৰপতিৰ উপস্থিতি সন্দৰ্ভত পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে টুইট কৰি কয় যে, দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু অমৃতসৰত উপস্থিত হোৱাৰ পাছত তেওঁক উষ্ম আদৰণি জনোৱা হয় । তেওঁক পাঞ্জাৱ চৰকাৰে গুৰু নগৰীত ধৰ্মীয়, ঐতিহাসিক, সাংস্কৃতিক আৰু ঐতিহ্যৰ এক আভাস দিবলৈ চেষ্টা কৰিব (Punjab CM tweet on President visits)।