অসম

assam

ETV Bharat / bharat

Amarnath Yatra 2023 : অমৰনাথ যাত্ৰাক লৈ গুৰুত্বপূৰ্ণ বৈঠক অমিত শ্বাহৰ - Amit Shah on Amarnath Yatra

৬২ দিনীয়া অমৰনাথ যাত্ৰাৰ বাবে প্ৰস্তুতি দ্ৰুতগতিত চলিছে (Amarnath Yatra Preparation)। প্ৰস্তুতি সম্পৰ্কে দিল্লীত গৃহমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক । যাত্ৰা সুচাৰুৰূপে পৰিচালনাৰ নিৰ্দেশ অমিত শ্বাহৰ ।

Amarnath Yatra 2023
অমৰনাথ যাত্ৰাৰ বাবে কি ধৰণে সাজু হৈছে প্ৰশাসন

By

Published : Jun 10, 2023, 10:06 AM IST

নেশ্যনেল ডেস্ক,১০ জুন :অহা ১ জুলাইৰ পৰা আৰম্ভ হ'ব অমৰনাথ যাত্ৰা (Amarnath Yatra 2023)। ৩১ আগষ্টত সমাপ্ত হ'বলগীয়া ৬২ দিনীয়া এই অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে । কাশ্মীৰ শাখাৰ আয়ুক্ত বিজয় কুমাৰ বিধুৰীয়ে জনোৱা মতে এই প্ৰস্তুতি পূৰ্ণগতিত চলিছে ।

আয়ুক্তগৰাকীয়ে জনোৱা মতে আৱৰ্জনা নিষ্কাশনৰ বাবে সকলো মুখ্য শিবিৰত বিশেষ ব্যৱস্থা কৰা হৈছে । প্ৰতিটো পথতে অধিক চিচিটিভি কেমেৰা স্থাপন কৰি থকা হৈছে । যাত্ৰীৰ শিবিৰসমূহৰ ক্ষমতাও বৃদ্ধি কৰা হৈছে যাতে বিভিন্ন স্থানত ৭৫,০০০ তকৈও অধিক তীৰ্থযাত্ৰীক থকাৰ সুবিধা দিব পাৰে (Amarnath Yatra Preparation)। তেওঁ লগতে কয় যে প্ৰশাসনে আনুমানিক ৮-৯ লাখ তীৰ্থযাত্ৰীক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে । যিহেতু পবিত্ৰ গুহাটো যথেষ্ট উচ্চতাত অৱস্থিত সেয়েহে লোকসকলক ভ্ৰমণ কৰাৰ পূৰ্বে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'বলৈ আহ্বান জনোৱা হৈছে কিয়নো এই যাত্ৰা সাধাৰণ নহয় ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে দিল্লীত এক উচ্চ পৰ্যায়ৰ বৈঠকত অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে আৰু তীৰ্থযাত্ৰীসকলৰ বাবে এক সুবিধাজনক তীৰ্থযাত্ৰা কৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে (Amit Shah meeting on Amarnath Yatra preparation)। শ্বাহে সংশ্লিষ্ট বিষয়াসকলক ৬২ দিনীয়া অমৰনাথ যাত্ৰাৰ সমগ্ৰ পথটোত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ।

শ্বাহে লগতে বিমানবন্দৰ আৰু ৰে'ল ষ্টেচনৰ পৰা আধাৰ শিবিৰলৈ যোৱা পথটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈও নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ বাবে নিশা শ্ৰীনগৰ আৰু জম্মুৰ পৰা বিমান সেৱা পৰিচালনা কৰিবলৈও গৃহ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে (Amit Shah on Amarnath Yatra)।

ইফালে অক্সিজেন চিলিণ্ডাৰ আৰু সেইবোৰৰ ৰিফিঙৰ পৰ্যাপ্ত ষ্ট’ক নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে আৰু চিকিৎসকৰ অতিৰিক্ত দলৰ উপস্থিতি নিশ্চিত কৰিবলৈও প্ৰশাসনক নিৰ্দেশ দিয়ে । যিকোনো চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰিবলৈ এম্বুলেন্স আৰু হেলিকপ্টাৰ মোতায়েনৰো তেওঁ নিৰ্দেশ দিয়ে ।

গৃহ মন্ত্ৰীয়ে ভ্ৰমণৰ পৰা আৰম্ভ কৰি থকাৰ সুবিধা, বিদ্যুৎ, পানী, যোগাযোগ আৰু স্বাস্থ্য এই সকলো ক্ষেত্ৰত অমৰনাথ যাত্ৰীৰ সুবিধাৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । উন্নত যোগাযোগ ব্যৱস্থা আৰু ভূমিস্খলনৰ ক্ষেত্ৰত পথ তৎক্ষণাৎ মুকলি কৰিবলৈ যন্ত্ৰপাতি মোতায়েনৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে । বৈঠকত তেওঁ বিষয়াসকলক অৱগত কৰে যে অমৰনাথ যাত্ৰাৰ সকলো তীৰ্থযাত্ৰীক আৰএফআইডি কাৰ্ড প্ৰদান কৰা হ'ব যাতে সহজে তেওঁলোকৰ সঠিক সময়ৰ অৱস্থান বিচাৰি উলিয়াব পৰা যায় ।

ইফালে প্ৰতিগৰাকী অমৰনাথ যাত্ৰীৰ বাবে ৫ লাখ টকা আৰু প্ৰতিটো জন্তুৰ বাবে ৫০,০০০ টকাৰ বীমাৰো ব্যৱস্থা কৰা হ'ব । ইয়াৰ উপৰিও, ভ্ৰমণৰ পথত টেণ্ট চিটি, ৱাই-ফাই হটস্পট আৰু সঠিক পোহৰৰ ব্যৱস্থা কৰা হ'ব । গৃহ মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি বাবা বৰফানীৰ অনলাইন-লাইভ দৰ্শন, পবিত্ৰ অমৰনাথ গুহাত পুৱা আৰু সন্ধিয়াৰ আৰতিৰ পোনপটীয়া সম্প্ৰচাৰ আৰু আধাৰ শিবিৰত ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হ'ব ।

নতুন দিল্লীত অনুষ্ঠিত বৈঠকখনত জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা, কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰ'ৰ সঞ্চালক, সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী, সীমান্ত পথ সংস্থাৰ সঞ্চালক প্ৰধান, জম্মু-কাশ্মীৰৰ মুখ্য সচিব, সেনা, কেন্দ্ৰীয় চৰকাৰ আৰু জম্মু-কাশ্মীৰ প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :Illegal coal mine collapse near Dhanbad : ঝাৰখণ্ডৰ কয়লা খনিত অঘটন, ৩ জন লোকৰ মৃত্যু

ABOUT THE AUTHOR

...view details