নিউজ ডেস্ক, 17 নৱেম্বৰ : কেন্দ্ৰীয় সংসদ ভৱনৰ নিৰ্মাণকাৰ্য ইতিমধ্যে আৰম্ভ হৈছে ৷ সংসদ ভৱনৰ সীমাৰ বেৰসমূহত বেৰিকেড প্ৰদান কৰাৰ লগতে ধূলি আৰু প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ জাল তৰি দিয়া হৈছে ৷ নিৰ্মাণকাৰ্যৰ কাম আগন্তুক ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব আৰু 2022ৰ অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ৷
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদ ভৱনৰ পৰিসৰ পৰিদৰ্শন কৰাৰ লগতে নিৰ্মাণকাৰ্যত জড়িত হৈ থকা সংস্থাসমূহক বিশেষ নিৰ্দেশনা প্ৰদান কৰে ৷