অসম

assam

ETV Bharat / bharat

ৰাজস্থানত বিজেপি বিধায়িনী দলৰ বৈঠকৰ প্ৰস্তুতি; মুখ্যমন্ত্ৰী নিৰ্ণয়ৰ বাবে আজি উপস্থিত হ'ব পৰ্যবেক্ষক দল - former CM Basundhara Raje

ৰাজস্থানত মুখ্যমন্ত্ৰী কোন হ'ব সেই ৰহস্যৰ শীঘ্ৰেই পৰ্দা উঠিব বুলি আশা কৰা হৈছে । তাৰ মাজতে ৰাজ্যিক বিজেপিয়ে বিধায়িনী দলৰ সভাৰ প্ৰস্তুতি আৰম্ভ কৰিছে । অনুমান কৰা হৈছে যে মুখ্যমন্ত্ৰী পৰ্যবেক্ষকসকল শনিবাৰে সন্ধিয়ালৈ জয়পুৰত উপস্থিত হ'ব পাৰে ।

BJP to select Rajasthan CM
ৰাজস্থানত বিজেপি বিধায়িনী দলৰ বৈঠকৰ প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 10:53 AM IST

নিউজ ডেস্ক, ৯ ডিচেম্বৰ : ৰাজস্থানকে ধৰি তিনিখন ৰাজ্যত বিজেপিৰ মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ চলি থকা অচলাৱস্থাৰ শীঘ্ৰেই অন্ত পৰিব বুলি আশা কৰা হৈছে । কিয়নো মুখ্যমন্ত্ৰীৰ নাম সন্দৰ্ভত বিধায়কসকলৰ মাজত সহমত গঢ়ি তুলিবলৈ পৰ্যবেক্ষক নিয়োগ কৰা হৈছে । সূত্ৰ অনুসৰি, তিনিওগৰাকী পৰ্যবেক্ষক শনিবাৰে সন্ধিয়ালৈ জয়পুৰত উপস্থিত হ'ব আৰু দেওবাৰে দলীয় কাৰ্যালয়ত বিধায়িনী দলৰ বৈঠক আহ্বান কৰা হ'ব । এই বৈঠকত ৰাজনাথ সিঙে মুখ্যমন্ত্ৰীৰ বিষয়ত সকলো বিধায়কৰ সৈতে সহমত প্ৰদৰ্শনৰ চেষ্টা চলাব ।

উল্লেখ্য যে ৰাজস্থানৰ মুখ্যমন্ত্ৰী কোন হ'ব তাকে লৈ দিল্লীত নিৰন্তৰ মন্থন চলি আছে । এই চিন্তা-চৰ্চাৰ মাজতে বিজেপিয়ে দলৰ বৰ্ষীয়ান আৰু অভিজ্ঞ নেতা তথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক বিধায়কসকলৰ মাজত সহমত সৃষ্টিৰ দায়িত্ব প্ৰদান কৰিছে । ৰাজনাথ সিঙৰ লগতে আন দুজন পৰ্যবেক্ষক ৰাজ্যসভাৰ সাংসদ সৰোজ পাণ্ডে আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱদেকো নিযুক্তি দিয়া হৈছে ।

দলীয় সূত্ৰ অনুসৰি এই পৰ্যবেক্ষকসকল শনিবাৰে সন্ধিয়া জয়পুৰত উপস্থিত হ'ব আৰু সম্ভৱত দেওবাৰে বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হ'ব । এই বৈঠকত মুখ্যমন্ত্ৰীৰ নাম সন্দৰ্ভত সহমত সৃষ্টিৰ চেষ্টা কৰা হ'ব । উল্লেখ্য যে তিনিখন ৰাজ্যৰ ভিতৰত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ বাবে আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ ৰাজ্য হৈছে ৰাজস্থান ।

প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা বহুসংখ্যক বিধায়ক আছে । আনহাতে, দলটোৱে এইবাৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী কোন হ'ব সেয়া ঘোষণা নকৰি স্পষ্টকৈ কৰিছিল যে মুখ্যমন্ত্ৰী সলনি কৰিব পাৰে ।

ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ মুখৰ দৌৰত বৰ্তমান আছে বহুকেইটা নাম । তাৰ ভিতৰত অন্যতম হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, জ্যেষ্ঠ বিজেপি নেতা ওম মাথুৰ, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মেঘৱাল, কেন্দ্ৰীয় মন্ত্ৰী অশ্বনী বৈষ্ণৱ, দিয়া কুমাৰী, বাবা বালক নাথ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি চি পি যোশীৰ নাম ।

লগতে পঢ়ক :এয়া বিজেপিৰ প্ৰতিশোধৰ ৰাজনীতি: মহুৱাৰ সাংসদ পদ খাৰিজ সন্দৰ্ভত অগ্নিবৰ্ষণ মমতাৰ

ABOUT THE AUTHOR

...view details