নিউজ ডেস্ক, ২৫ জুলাই : ২৪ সংখ্যক কাৰ্গিল বিজয় দিৱসৰ প্ৰস্তুতি মঙলবাৰে লাডাখৰ ড্ৰাছত আৰম্ভ হৈছে । ১৯৯৯ চনত পাকিস্তানৰ সৈতে হোৱা কাৰ্গিল যুদ্ধত ভাৰতৰ বিজয়ক দেশে স্মৰণ কৰি আছে । এই উপলক্ষে যুদ্ধ স্মাৰকক অন্তিম স্পৰ্শ দিয়া হৈছে । কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । কাৰ্গিল যুদ্ধ জয়ৰ ২৪ সংখ্যক বিজয় দিৱসত অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বুধবাৰে পুৱা লাডাখত উপস্থিত হ'ব ।
তাত তেওঁ দেশৰ বাবে প্ৰাণ আহুতি দিয়া জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । আনহাতে, মঙলবাৰে লামোচেন ভিউ পইণ্টত এক অনুষ্ঠান অনুষ্ঠিত হ'ব, য'ত ভাৰতীয় সেনাৰ সৈনিকসকলৰ সাহসিকতা আৰু ত্যাগৰ ওপৰত আলোকপাত কৰা যুদ্ধসমূহৰ এক দৃশ্য-শ্ৰব্য অনুষ্ঠান প্ৰদৰ্শন কৰা হ'ব । লামোচন ভিউ পইণ্টৰ পৰা যুদ্ধক্ষেত্ৰলৈ বিশিষ্ট ব্যক্তিসকলক লৈ যোৱাৰ পিছত, সান্দো ৰিয়াৰত সাংস্কৃতিক কাৰ্যসূচীৰ লগতে 'বিজয় ভোজ' আৰু 'বৰাখানা'ৰ আয়োজন কৰা হ'ব ।
সেনাৰ এটা বেণ্ডেও দেশপ্ৰেমমূলক গান পৰিবেশন কৰিব । ইয়াৰ পিছত স্থানীয় সাংস্কৃতিক শিল্পীসকলে তেওঁলোকৰ পৰম্পৰাগত নৃত্যৰ জৰিয়তে নিজৰ সমৃদ্ধ জাতিসত্তা প্ৰদৰ্শন কৰি সমবেত লোকসকলক মনোৰঞ্জন কৰিব আৰু ভাৰতীয় সেনাৰ প্ৰতি স্থানীয় জনসাধাৰণৰ প্ৰতিশ্ৰুতি প্ৰমাণ কৰিব । লগতে অপাৰেচন বিজয়ৰ সময়ত সাহসী যোদ্ধাসকলৰ অৱদানক স্মৰণ কৰিব ।