চিটাৰা ডেস্ক, 8 এপ্ৰিল:বলীউডৰ অভিনেত্ৰী প্ৰীতি জিন্টা দীৰ্ঘদিন ধৰি ৰূপালী পৰ্দাৰ পৰা আঁতৰি আছিল যদিও ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে সংযুক্ত হৈ আছে আৰু জীৱনৰ প্ৰতিটো সৰু-ডাঙৰ আপডেট শ্বেয়াৰ কৰি আহিছে । উল্লেখ্য যে, শনিবাৰে গুৱাহাটীৰ শক্তিপীঠ কামাখ্যা মন্দিৰত উপস্থিত হয় বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকী, সেই মূহোৰ্তৰ ছবি তেওঁ নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে (Preity Zinta visits Kamakhya) ।
প্ৰীতিয়ে এক চৰ্ট ভিডিঅ'যোগে কামাখ্যা মন্দিৰ, আশে-পাশে থকা কাষৰ পূজাৰ সামগ্ৰীৰ দোকানসমূহ আৰু কামাখ্যা মন্দিৰৰ পুখুৰীৰ আভাসো ক্লিপটোত শ্বেয়াৰ কৰে । ভিডিঅ’ কোলাজত প্ৰীতিয়ে কামাখ্যা মন্দিৰৰ আৰ্হিৰ এক মূৰ্তি এজন সাধুৰ পৰা উপহাৰ হিচাবে গ্ৰহণ কৰি থকা দেখা গৈছে । লগতে অভিনেত্ৰীগৰাকীয়ে মন্দিৰ চৌহদৰ ভিতৰত বহু চেলফি ক্লিক কৰে (Preity Zinta Instagram)।
ইফালে ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰীতিয়ে কেপচনত লিখে যে, "মোৰ গুৱাহাটীলৈ যোৱাৰ এটা কাৰণ আছিল বিখ্যাত কামাখ্যা দেৱী মন্দিৰ দৰ্শন কৰা । যদিও আমাৰ বিমানখন কেইবা ঘণ্টা পলম হৈছিল আৰু মই গোটেই ৰাতি সাৰ পাই আছিলো । কিন্তু যেতিয়া মই মন্দিৰত প্ৰৱেশ কৰিলোঁ ।" , ইয়াৰ সকলোবোৰ মূল্যৱান অনুভৱ হৈছিল.. তালৈ যোৱাৰ সময়ত এক শক্তিশালী কম্পন আৰু শান্তি অনুভৱ কৰিছিলোঁ (Preity Zinta visits Kamakhya temple in Guwahati) ।"
গুৱাহাটীলৈ অহা সকললৈ এই আহ্বান জনালে প্ৰীতিয়ে