নিউজ ডেস্ক, ২২ আগষ্ট : কলকাতা চহৰৰ মাজমজিয়াত এক নিৰ্মাণ কাৰ্যক লৈ হোৱা বিবাদৰ মাজতে সংঘটিত হয় এক ঘৃণনীয় ঘটনা (Tiff over building constructions in Kolkata) ৷ দেওবাৰে সন্ধিয়া নাৰ্কেলডাংগা অঞ্চলত এগৰাকী আঠ মাহৰ গৰ্ভৱতী মহিলাৰ পেটত লথিওৱাৰ ঘটনা পোহৰলৈ আহিছে (Pregnant woman kicked in stomach in Kolkata Narkeldanga) ।
যাৰ ফলত আঠ মাহৰ গৰ্ভৱতী মহিলাগৰাকীক পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত কলকাতা চিকিৎসা মহাবিদ্যালয়ত (Calcutta Medical College) ভৰ্তি কৰিবলগীয়া হয় । অৱশ্যে শেহতীয়া খবৰ অনুযায়ী গৰ্ভজাত সন্তানটো সুস্থ-শৰীৰে আছে । এই ঘটনাটোত তৃণমূলৰ বিধায়ক পৰেশ পাল (Trinamool MLA Paresh Pal alleged violance) আৰু কাউন্সিলাৰ স্বপ্ন সমাদ্দাৰৰ অনুগামীসকল জড়িত হৈ থকা বুলি অভিযোগ উঠিছে ।
ঘটনা সন্দৰ্ভত নাৰ্কেলডাংগা আৰক্ষী থানাত ইতিমধ্যে এক লিখিত অভিযোগ দাখিল কৰা হৈছে । কলকাতা আৰক্ষীৰ (Kolkata Police DC) ডিচি (ইএছডি) প্ৰিয়ব্ৰত ৰয়ে প্ৰকাশ কৰা মতে সমগ্ৰ ঘটনাটোৰ তদন্ত চলি আছে ।
উল্লেখ্য যে, উক্ত ঘটনাৰ অভিযুক্ত পিতৃ আৰু পুত্ৰক পূৰ্বতেও এটা বেলেগ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল । নাৰ্কেলডাংগাৰ বাসিন্দা শিৱ শংকৰ দাস আৰু তেওঁৰ পুত্ৰ দীপক দাসে কয় যে, তেওঁলোকে অঞ্চলটোত অবৈধ ভৱন নিৰ্মাণ ব্যৱসায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল (Protested against illegal building construction) । ফলস্বৰূপে স্থানীয় কাউন্সিলাৰজনৰ অনুগামীসকলে তেওঁলোকক দেওবাৰে কাউন্সিলাৰজনক লগ কৰিবলৈ কয় । কিন্তু তেওঁলোকে সেয়া অস্বীকাৰ কৰে । তাৰ পিছত সন্ধিয়া কাউন্সিলাৰ আৰু বিধায়কজনৰ অনুগামীসকলে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি তেওঁলোকক প্ৰহাৰ কৰে ।