অসম

assam

ফাৰুখাবাদত গৰ্ভৱতী মহিলাক দলবদ্ধ ধৰ্ষণ

By

Published : Aug 19, 2022, 10:50 PM IST

এক জঘন্য ঘটনা ৷ এইবাৰ দুষ্ট মানসিকতাৰ লোকৰ কামনাৰ বলি হ’ল এগৰাকী গৰ্ভৱতী মহিলা (Pregnant woman gangraped) ৷ একেৰাহে চাৰিদিন ধৰি দলবদ্ধ ধৰ্ষণ কৰা হ’ল মহিলাগৰাকীক ৷ ঘটনাৰ স্থান উত্তৰ প্ৰদেশ (Gangrape in farrukhabad) ৷

Pregnant woman gangraped in Farrukhabad
ফাৰুখাবাদত গৰ্ভৱতী মহিলাক দলবদ্ধ ধৰ্ষণ

নেশ্যনেল ডেস্ক, 19 আগষ্ট : আকৌ ধৰ্ষণৰ প্ৰসংগ ৷ এইবাৰ দুষ্ট মানসিকতাৰ লোকৰ কামনাৰ বলি হ’ল এগৰাকী গৰ্ভৱতী মহিলা ৷ এবাৰ বা দুবাৰ নহয়, একেৰাহে চাৰিদিন ধৰি দলবদ্ধ ধৰ্ষণ কৰা হ’ল মহিলাগৰাকীক ৷ আৰক্ষীৰ সন্মুখত সকলো কথা বিৱৰি ক’লে ভুক্তভোগী মহিলাগৰাকীয়ে ৷

এইবাৰ ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ ফাৰুখাবাদ ৷ বিগত চাৰিদিন ধৰি ফাৰুখাবাদৰ এটা ঘৰত বন্দী কৰি ৰাখি গৰ্ভৱতী মহিলাগৰাকীক চাৰিজন যুৱকে দলবদ্ধ ধৰ্ষণ কৰিছিল (Pregnant woman raped in Uttar Pradesh) ৷ শুকুৰবাৰে এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷

ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীক উল্লেখ কৰে, ‘‘মোৰ শহুৱেক চাহাৰনপুৰত আছে আৰু মাতৃ গৃহ বৰেলীত । 16 আগষ্টত এখন বাছেৰে মই চাহাৰনপুৰলৈ গৈ আছিলো ৷ সন্ধিয়া প্ৰায় 6 বজাত ফাৰুখাবাদ পালো । তেনেতে কেইটামান যুৱকে মোৰ ওচৰত থিয় হৈছিল আৰু তেওঁলোকৰ কটু দৃষ্টিৰ মই সন্মুখীন হৈছিলো ৷

লগতে পঢ়ক :Attempt to Rape case, মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণৰ চেষ্টা দুই লম্পটৰ

তাৰ পিছত কি হ’ল মই নাজানো ৷ যেতিয়া মোৰ চকু খোল খাইছিল, তেতিয়া মই এটা বন্ধ কোঠাৰ ভিতৰত আবদ্ধ হৈ আছিলো ৷ সেই সময়ত মোৰ সন্মুখত বহি আছিল চাৰিজন যুৱক ৷ মই তেওঁলোকক কৈছিলো যে, মই দুমাহৰ গৰ্ভৱতী ৷ গতিকে মোক অন্যায় নকৰিব, যাবলৈ দিয়ক ৷ কিন্তু যুৱককেইটাই মোৰ কথা নুশুনি মোক বেয়াকৈ গালি-গালাজ কৰিবলৈ আৰম্ভ কৰিছিল ।

আনকি তেওঁলোকে মোক চাৰি দিন ধৰি নিৰন্তৰ সেই কোঠাটোৰ ভিতৰত ধৰ্ষণ কৰিছিল (Gangrape in farrukhabad) । চতুৰ্থ দিনা মই কোনোমতে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’লো ৷ প্ৰায় 12 কিলোমিটাৰ খোজ কঢ়াৰ অন্তত এখন গাঁও পাইছিলো ৷ তাতে এগৰাকী গঞাক মোৰ সকলো কথা বিৱৰি ক’লো ৷ তাৰ পাচত গাঁওবাসীৰ সহযোগত আৰক্ষীৰ কাষ চাপিলো’’ ৷

তাৰ পাচতে তৎপৰ হৈ পৰে আৰক্ষী ৷ ভুক্তভোগীৰ ভাষ্য অনুসৰি, ঘটনাস্থলীত অমৃতপুৰৰ মুখ্য কাৰ্যবাহী বিষয়া CEO ৰাজেপুৰ দিনেশ কুমাৰ গৌতম ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ SP অশোক কুমাৰ মীনাই লগতে কয়, ‘‘আমাৰ দলে তদন্ত আৰম্ভ কৰিছে "৷

অভিযুক্ত কেইগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এটা গোচৰ ৷ বৰ্তমান ভুক্তভোগী মহিলাগৰাকী চিকিৎসা পৰীক্ষা কৰা হ'ব । তদন্তৰ পিছতহে পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব’’ ।

লগতে পঢ়ক :ছাত্ৰৰ দাঁত ভাঙি শিক্ষক আটক

ABOUT THE AUTHOR

...view details