নেশ্যনেল ডেস্ক,২৮ জুলাই :লুধিয়ানাৰ গিয়াচপুৰাত গেছ নিৰ্গমনকলৈ আতংকময় পৰিৱেশে বিৰাজ কৰে । এগৰাকী গৰ্ভৱতী মহিলা অচেতন হৈ পৰাৰ পাছতে অঞ্চলটোত তীব্ৰ উত্তেজনা । ঘটনাক লৈ প্ৰশাসনে অনুসন্ধান অব্যাহত ৰাখিছে ।
জানিব পৰা মতে, শুকুৰবাৰে পুৱাই গিয়াচপুৰা অঞ্চলত এগৰাকী গৰ্ভৱতী মহিলা অচেতন হৈ পৰে । লগে লগে অঞ্চলটোত আতংকৰ সৃষ্টি হয় । মহিলাগৰাকীক লগে লগে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । মহিলাগৰাকী অচেতন হৈ পৰি যোৱাৰ লগে লগে অঞ্চলটোত গেছ নিৰ্গমন হোৱাৰ খবৰ ওলাইছিল । গেছ নিৰ্গমন হোৱাৰ খবৰ পোহৰলৈ অহাৰ পাচতে মানুহৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছিল । পাছত এনডিআৰএফৰ দল ঘটনাস্থলীত উপস্থিত হয় । প্ৰশাসনৰ লোকসকলো ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । অঞ্চলটো সঠিকভাৱে পৰীক্ষণ কৰা হয় যদিও কোনো গেছ নিৰ্গমন হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে মহকুমা দণ্ডাধীশে ।
দণ্ডাধীশে উল্লেখ কৰা মতে, মহিলাগৰাকী যিহেতু ৪ মাহৰ গৰ্ভৱতী, সেয়ে তেওঁ কিছু দুৰ্বল হৈ আছিল । কেতিয়াবা গৰ্ভৱতী মহিলাৰ মূৰ ঘূৰাই বা বমি হয় । তেওঁ উল্লেখ কৰা মতে মানুহে আতংকিত হোৱাৰ প্ৰয়োজন নাই । প্ৰশাসনৰ লোকসকলে অনুসন্ধান অব্যাহত ৰাখিছে ।