নিউজ ডেস্ক, 25 মে’: তেলেংগানাত গণ প্ৰহাৰ সদৃশ ঘটনা (mob lynching style attack) ৷ স্থানীয় মুছলমান সংস্থা মজলিছ বচাও তেহৰীকে দাবী কৰা অনুসৰি এখন হোটেলৰ স্বত্বাধিকাৰী আৰু গেছ বিতৰণ কৰা এজন কৰ্মচাৰীৰ মাজত হোৱা সামান্য বিবাদৰ ফলত এগৰাকী গৰ্ভৱতী মহিলাৰ গৰ্ভপাত হয় (Majlis Bachao Tehreek)৷ এই সমগ্ৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ আঁৰত বিজেপি দলৰ নৰসাপুৰ পৌৰসভাৰ অধ্যক্ষ মুৰলী যাদৱ আৰু কাউন্সিলাৰ জড়িত থকা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় সংস্থাটোৱে (Pregnant woman suffers miscarriage) ৷
ঘটনাৰ বিৱৰণী অনুসৰি যোৱা 7 মে’ত মেদক জিলাৰ নৰসাপুৰ ক্ৰছিং পথতেস্থিত কল্যাণী বিৰিয়ানী হোটেলৰ মালিক মইনুদ্দিনে এটা গেছৰ চিলিণ্ডাৰ আনিবলৈ নিৰ্দেশনা দিছিল (Muslim pregnant woman suffered miscarriage ) ৷ তাৰ পিচতে লিংগম সম্প্ৰদায়ৰ এগৰাকী যুৱকে গেছৰ ডেলিভাৰী দিবলৈ আহিছিল (MBT on Narsapur incident)৷
তেনে সময়তে মইনুদ্দিন আৰু ডেলিভাৰী দিবলৈ অহা যুৱকজনৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ এই তৰ্কা-তৰ্কিৰ প্ৰায় 4 ঘণ্টাৰ পিচতে ৰাজেন্দ্ৰ বুচেশ য়াদয়, মল্লেশ গৌড়, প্ৰভু স্বামী, কিৰণ স্বামীসহ ৫০ জন লোক মইনুদ্দিনৰ হোটেললৈ গৈছিল (Muslim hotel owner beaten in Narsapur) ৷ দলটোৱে জয় শ্ৰী ৰাম ধ্বনিৰে শ্লোগান দিয়েই দলটোৱৰ এজন লোকে মইনুদ্দিনক হোটেলৰ ভিতৰৰ পৰা বলপূৰ্বকভাৱে টানি লৈ আহিছিল ৷ তাৰ পিচতে মইনুদ্দিনৰ ওপৰত নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল দলটোৱে ৷