নেশ্যনেল ডেস্ক, ৫ জুন :প্ৰয়াগৰাজত অঘটন (Prayagraj sangam incident) ৷ দেওবাৰে প্ৰয়াগৰাজৰ গংগাৰ সংগমস্থলীত সলিল সমাধি ঘটে ৯ জন ছাত্ৰৰ (Youths drown in sangam)৷ অৱশ্যে নৌ আৰক্ষী আৰু এন ডি আৰ এফ দলে তৎপৰতাৰে চাৰিজন ছাত্ৰক জীৱন্তে উদ্ধাৰ কৰে যদিও শেহতীয়া খবৰ অনুসৰি, বৰ্তমানো সন্ধানহীন হৈ আছে আন ৫ জন ছাত্ৰ (Prayagraj student drowing case)৷
বিৱৰণি অনুসৰি, দেওবাৰে প্ৰয়াগৰাজৰ গংগাৰ সংগমনগৰীত গা ধুবলৈ গৈছিল মুঠ ১৫ জন ছাত্ৰ ৷ তাৰ পাচতে এই ১৫ জন ছাত্ৰই গংগা নদীত নাও চলাই আছিল (ৱ’টিং কৰিছিল) (prayagraj student boating case)৷ তেনেতে হঠাৎ নৈৰ কোবাল সোঁতত উটি যায় ৯ জন ছাত্ৰ ৷ ইয়াৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ (prayagraj student boating case) ৷
লগতে পঢ়ক :Again Train accident in Odisha : ওড়িশাত আকৌ ৰে’ল দুৰ্ঘটনা, লাইচ্যুত হৈছে এখন মালবাহী ৰে’ল