অসম

assam

ETV Bharat / bharat

আজিও উপেক্ষিত শ্বহীদ লাল প্ৰবীন ৰায়ৰ পৰিয়াল

নক্সাল আক্ৰমণত শ্বহীদ হৈছিল বাঘৰাই গাঁৱৰ লাল প্ৰবীন ৰায় ৷ প্ৰবীনৰ ভাৰতীয় সেনাত যোগদান কৰাৰ সপোন দেউতাকে সকলো প্ৰকাৰে পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছিল আৰু অৱশেষত প্ৰবীণ ৰায় চি আৰ পি এফত নিৰ্বাচিত হোৱাত গোটেই পৰিয়ালে গৌৰৱ কৰিছিল ৷ কিন্তু তেওঁৰ পৰিয়ালে কোনো নেতা বা প্ৰশাসনৰ পৰা আজিকোপতি কোনো ধৰণৰ সঁহাৰি পোৱা নাই ।

praveen-rai-of-gorakhpur-martyr-in-tadmetala-naxal-attack
নক্সাইল আক্ৰমণত শ্বহীদ লাল প্ৰবীন ৰায়

By

Published : Apr 5, 2021, 2:13 PM IST

নেছনেল ডেস্ক, 5 এপ্ৰিল :বাঘৰাই গাঁৱৰ লাল প্ৰবীন ৰায় তাদমেটলা নক্সাল আক্ৰমণত শ্বহীদ হৈছিল । তেওঁ ২০০২ চনত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীত যোগদান কৰি ৮ বছৰ দেশৰ সেৱাত সৰ্বোচ্চ ত্যাগ কৰিছিল । প্ৰবীনৰ ভাৰতীয় সেনাত যোগদান কৰাৰ সপোন দেউতাকে সকলো প্ৰকাৰে পূৰ্ণ কৰিবলৈ চেষ্টা কৰে আৰু অৱশেষত প্ৰবীণ ৰায় চি আৰ পি এফত নিৰ্বাচিত হোৱাত গোটেই পৰিয়ালে গৌৰৱ কৰে ৷ বীৰজনৰ মৃত্যুৰ সময়ত তেওঁৰ পত্নী 7 মাহৰ গৰ্ভৱতী আছিল ৷

নক্সাইল আক্ৰমণত শ্বহীদ লাল প্ৰবীন ৰায়

ইটিভি ভাৰতৰ সৈতে এক সাক্ষাৎকাৰত তেওঁৰ পুত্ৰ দিব্যাংশুক জীৱনৰ লক্ষ্য সোধাত তেওঁ এজন আইএএছ বিষয়া হোৱাৰ কথা কয় । দিব্যাংশুৱে কয়, "মই আইএএছ হৈ মোৰ দেউতাৰ সপোন পূৰণ কৰিম আৰু দেশৰ সেৱা কৰিম।" শ্বহীদজনৰ পৰিয়ালে কোৱা অনুসৰি 11 বছৰে তেওঁৰ পৰিয়ালে কোনো নেতা বা প্ৰশাসনৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই । তেওঁলোকে গাওঁখনৰ প্ৰাথমিক বিদ্যালয়খন শ্বহীদজনৰ নামত পুনৰ নামাকৰণ কৰাৰ দাবী কৰাৰ লগতে প্ৰৱেশদ্বাৰত তেওঁৰ স্মৰণত ৰখা এটা মূৰ্তি নিৰ্মাণৰ দাবী কৰে । পৰিয়ালটোৱে তেওঁলোকৰ দাবী প্ৰধানমন্ত্ৰীলৈও প্ৰেৰণ কৰিছিল ।

কিন্তু বৰ্তমানলৈকে শ্বহীদজনক কোনো সন্মান দিয়া হোৱা নাই যাৰ বাবে গোটেই পৰিয়ালটোৱে দুখ প্ৰকাশ কৰিছে । লগতে সৈনিকজনৰ ভায়েক আৰু খুড়াকে কয় যে, শ্বহীদজনৰ পৰিয়ালক বহুজন প্ৰতিনিধিয়ে ডাঙৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু এটাও বাস্তৱত পৰিণত হোৱা নাই । শ্বহীদ প্ৰবীণ ৰায়ৰ পৰিয়ালক চিপিআৰএফৰ পৰা সহায় আৰু ক্ষতিপূৰণ পাবলৈ ৪ বছৰ সময় লাগিল ।

উল্লেখযোগ্য যে ইটিভি ভাৰতে শ্বহীদক সন্মান কৰাৰ বাবে দায়বদ্ধ সকলো লোকৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰিছিল, স্থানীয় প্ৰশাসনেই হওঁক বা গাওঁৰ মুৰব্বী, কিন্তু তেওঁলোকে পঞ্চায়ত নিৰ্বাচনৰ সৈতে সম্পৰ্কিত কামত ব্যস্ত বুলি উল্লেখ কৰি কোনোৱে কথা পাতিবলৈ আগবাঢ়ি অহা নাছিল ।

লগতে পঢ়ক :মুকলি আকাশৰ তললৈ আহিল কুইপ'ৰ বিষয়া ৰাম কুমাৰ

ABOUT THE AUTHOR

...view details